২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা অব্যাহত ৰখা বিজেপিয়ে ৰাজ্যসমূহক তিনিটা মণ্ডলত ভাগ কৰি অনুষ্ঠিত কৰিব সাংগঠনিক বৈঠক ৷ বিহাৰ, পশ্চিমবংগ, ঝাৰখণ্ড, উৰিষ্যাকে ধৰি পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক লৈ গুৱাহাটীত ৬ জুলাইত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংগঠনিক বৈঠক বিজেপিৰ ৷ বিজেপিৰ দাবী ১২খন ৰাজ্যৰ ১৪২টা সমষ্টিৰ ভিতৰত বিজেপিয়ে মাৰিব চেঞ্চুৰী ৷
“গুৱাহাটীত ১৪২টা লোকসভাৰ প্ৰসংগই স্থান পাব ৷ পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ডত আমি যোৱাবাৰো ভাল ফলাফল লাভ কৰিছোঁ ৷ উত্তৰ পূৰ্বাঞ্চলত আমাৰ যথেষ্ট ভাল ৷ উৰিষ্যাকে ধৰি যি বাৰখন ৰাজ্যক লৈ আমাৰ ইয়াত সাংগঠনিক বৈঠক হ’বলৈ গৈ আছে আমি ১৪২টা লোকসভা সমষ্টিৰ ভিতৰত ১০০খন আসন লাভ কৰিম বুলি আশাবাদী ৷” ৬জুলাইত হ’ব লগীয়া বৈঠকক লৈ এই মন্তব্য আগবঢ়ালে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ৷
লোকসভা নিৰ্বাচনক লৈ খুবেই ছিৰিয়াছ এতিয়া গেৰুৱা দল বিজেপি ৷ বিদেশ ভ্ৰমণ সামৰি আহিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী বাসগৃহত আয়োজন কৰা এক বৈঠকৰ পিছতে তৎপৰ হৈ পৰিছে দলটো ৷ দেশৰ ৩৬খন ৰাজ্যক তিনিটা মণ্ডলত ভাগ কৰি তিনিখনকৈ সাংগনিক বৈঠকৰ সিদ্ধান্ত লৈছে বিজেপিয়ে ৷ ইয়াৰে প্ৰথমখন বৈঠক ৬জুলাইত গুৱাহাটীত ৷ পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, ঝাৰখণ্ডৰ লগতে উত্তৰ পূবৰ ৮খন ৰাজ্যক লৈ গুৱাহাটীত বৈঠকত বহিব বিজেপি ৷ ভাগ ল’ব ১২খন ৰাজ্যৰ বিজেপি নেতাই ৷ উপস্থিত থাকিব ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ ৷ এই বৈঠকৰ সময়তে এই ৰাজ্যসমূহৰ নেতৃত্বৰ ঘটিব পাৰে সালসলনি ৷ Eastern আৰু NORTH EASTERN ZONEক এক কৰি গুৱাহাটীত এই বৈঠকৰ আয়োজন কৰাৰ বিপৰীতে মধ্য-উত্তৰ-পশ্চিম মণ্ডলৰ ৰাজ্যসমূহৰ বৈঠক ৭জুলাইত দক্ষিণৰ ৰাজ্যসমূহক লৈ ৮জুলাইত বৈঠক কৰিব বিজেপিয়ে ৷
UNIFORM CIVIL CODEৰ ওপৰত সৰ্বাধিক গুৰুত্ব দি নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ পূৰ্বে ৩জুলাইত মন্ত্ৰী গোটেৰে বহিব বৈঠকত ৷ লক্ষণীয়ভাৱে বুধবাৰে নিশা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আয়োজিত বৈঠকত স্থান লাভ কৰিছিল আহি থকা মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেঙ্গানা, চট্টিশগৰ, মিজোৰাম বিধানসভাৰ নিৰ্বাচনী প্ৰসংগই ৷ ইফালে, ছয় জুলাইত গুৱাহাটীত পশ্চিমবঙ্গৰ ৪২টা, বিহাৰৰ ৪০টা, ওৰিষ্যাৰ ২১টা ঝাৰখণ্ডৰ ১৪টা, উত্তৰ পূবৰ ২৫টা লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰূপৰেখা প্ৰস্তুত হ’ব বুলি কৈ দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ দাবী, বিজেপিয়ে পাব ১৪২খন আসনৰ কমেও ১০০খন আসন ৷ ইফালে বিজেপিৰ এই তৎপৰতা দেখি APCCৰ সভাপতি ভূপেন বৰাই ক’লে, “জ’ন বনাই লাভ নাই বিজেপিৰ, ৰণকৌশল ল’ব ৰাইজেহে”
