গুণোৎসৱত দুৰ্বল ফলাফল দেখুওৱা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ শিক্ষা বিভাগ। এই বৰ্ষত গুণোৎসৱৰ ফলাফল অনুসৰি C আৰু D গ্ৰেড পোৱা বিদ্যালয়লৈ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি শনিবাৰে নিয়মীয়া ক্লাছ ছুটীৰ পিছত অতিৰিক্ত ১ ঘণ্টা পাঠদান কৰিব লাগিব শিক্ষক–শিক্ষয়িত্ৰীসকলে।
অকল শনিবাৰেই নহয় দেওবাৰেও ২ ঘণ্টা পাঠদান কৰিব লাগিব। গৰম বন্ধতো ৰেহায় নাপাব C আৰু D গ্ৰেড পোৱা বিদ্যালয়ে। গৰম বন্ধৰ প্ৰথম ১০ দিন কৰিব লাগিব পাঠদান। সকলো শিক্ষক উপস্থিত থাকিব লাগিব বিদ্যালয়ত।
প্ৰধান শিক্ষকসকললৈ ইতিমধ্যে এই নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে শিক্ষা বিভাগে। সংশ্লিষ্ট বিদ্যালয়ক জিলা শিক্ষা বিষয়াৰ যোগেদি পত্ৰ প্ৰদান কৰে শিক্ষা বিভাগে।
