অসমৰ ১ কোটি গছৰ জমা কাৰ্বনৰ পৰীক্ষণ কৰা হ’ব। কাৰ্বন বিত্তীয় ব্যৱস্থাৰ জৰিয়তে প্ৰাৰম্ভিক পৰ্যায়ত এই গছবোৰৰ জমা কাৰ্বনৰ পৰীক্ষণ কৰি ইয়াৰ জৰিয়তে অসমৰ কেইবা লাখ জনসাধাৰণক আৰ্থিকভাৱে উপকৃত কৰাৰ বাবে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ে নতুন দিল্লীৰ শক্তি আৰু সম্পদ প্ৰতিষ্ঠান(টেৰি) আৰু ৰিনিউ পাৱাৰ ছিনাৰজি প্ৰাইভেট লিমিটেডৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।
এই চুক্তিৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ ব্যক্তিগত ভূমিৰ প্ৰতিজোপা পঞ্জীভুক্ত গছত জমা হোৱা কাৰ্বন বিশেষ পদ্ধতিৰে মূল্যায়ন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্ধাৰিত দৰত গছৰ গৰাকীক লাভাংশ প্ৰদান কৰা হ’ব।
শুকুৰবাৰে বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালকৰ সভাগৃহত আয়োজিত চুক্তি স্বাক্ষৰ অনুষ্ঠানত টেৰি’ৰ জ্যেষ্ঠ সঞ্চালকদ্বয় ডঃ জে ভি শৰ্মা আৰু ডি চহৰীয়াই কয় যে বিশ্বব্যাপি কাৰ্বন নিৰ্গমনে ভয়াবহ ৰূপ ধাৰণ কৰা সময়ত প্ৰতিজোপা গছৰ বিপৰীতে গছৰ গৰাকীয়ে গছ জীয়াই ৰখাৰ বাবে লাভান্বিত হ’ব। অসমৰ ভিতৰতে কৃষিক্ষেত্ৰৰ সৈতে জড়িত এনেধৰণৰ এইটো প্ৰথম প্ৰকল্প বুলি বিবেচিত হৈছে।
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই এই চুক্তিৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কৃষি গৱেষণা কেন্দ্ৰৰ সহযোগত জৰীপ কৰি সৰ্বসাধাৰণে লাভ অৰ্জন কৰিব পৰা এই আচঁনি গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে।
এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁই , কৃষি গৱেষণা সঞ্চালক ড০ মৃণাল শইকীয়া, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ প্ৰসন্ন কুমাৰ পাঠকৰ লগতে কেবাজনো জ্যেষ্ঠ বিজ্ঞানী আৰু অধ্যাপক উপস্থিত থকাৰ লগতে অনলাইন যোগে কৃষি বিজ্ঞান কেন্দ্ৰ আৰু গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে।
