ছানী দেউলৰ ছবি ‘গদাৰ ২’ৰ বাবে অনুৰাগীসকলে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে। ‘তাৰা সিং’ অৰ্থাৎ ছানী দেউলৰ এই একচন ড্ৰামাই আকৌ এবাৰ দৰ্শকৰ হৃদয় জয় কৰিবলৈ অতি শীঘ্ৰেই ছবিগৃহলৈ আহিব। চলচ্চিত্ৰখনৰ প্ৰথম অংশটো (Gadar- ek prem katha) যিমান হিট হৈছিল, এই চলচ্চিত্ৰখনৰ (‘গদাৰ ২’) গানবোৰো সমানে হিট হৈছে। ‘গদাৰ ২’ চলচ্চিত্ৰখনৰ বাবে ইয়াৰ প্ৰথম অংশটোৰ হিট গান ‘উড় জা কালে কাৱান’ পুনৰ নিৰ্মাণ কৰা হৈছে। এই গানটো নতুন ষ্টাইলত মুকলি হোৱাৰ লগে লগে, ই ছ’চিয়েল মিডিয়াত ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে।
ছানী দেউল আৰু আমিশা পেটেলক ‘গদাৰ’ ছবিখনত ‘উড় জা কালে কাৱা’ (Udd jaa kaale kaava) গীতটিত চিত্ৰগ্ৰহণ কৰা হৈছিল আৰু গানটোৱে যথেষ্ট শিৰোনাম দখল কৰিছিল। এই প্ৰেমমূলক গীতটো ‘গদাৰ’ত মানুহে বহুত ভাল পাইছিল আৰু ইয়াক উদিত নাৰায়ণে কণ্ঠ দিছিল। গানটো ইমান জনপ্ৰিয় আছিল যে এইটো এতিয়াও মানুহে শুনে আৰু ই এতিয়ালৈকে ২৭৫ মিলিয়নতকৈও অধিক দৰ্শন লাভ কৰিছে। এতিয়া এই গানটো ছবিখনৰ দ্বিতীয় অংশত অৰ্থাৎ ‘গদাৰ ২’ ত পুনৰ নিৰ্মাণ কৰা হৈছে।ছানী দেউলে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত ‘গদাৰ ২’ৰ এই গানটো শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে তেওঁ শিৰোনামত লিখে, ‘ফিৰ চে হোগি পিয়াৰ কি বৰসাত, কালে কাৱান কী ধুন কে সাথ।’ মানুহে ছানী আৰু আমিশাৰ ওপৰত পুনৰ চিত্ৰগ্ৰহণ কৰা এই গানটোক একেই মৰম দিছে। গানটোৱে মাত্ৰ ২ ঘণ্টাৰ ভিতৰত ১ মিলিয়নতকৈও অধিক দৰ্শন লাভ কৰিছে। গানটো অলকা য়াগনিক আৰু উদিত নাৰায়ণে গাইছে আৰু মিথুনে ইয়াক পুনৰ নিৰ্মাণ কৰিছে। এই গীতটোৰ কথা আনন্দ বক্সীয়ে লিখিছিল।
