যোৰহাটত ‘পথিক’ নামৰ এটি স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আৰু যোৰহাট ONGCৰ সহযোগত দুটাকৈ বিশুদ্ধ খোৱা পানী প্ৰকল্প ‘জলস্পন্দন’ৰ যোৰহাট চিনামৰা আৰু বৰভেটা আৰক্ষী চাউনিত শুভ উদ্ধোধন কৰা হয় ।
অসমৰ অন্যতম বেচৰকাৰী সংস্থা পথিকৰ উদ্যোগত যোৰহাট তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অনুদানৰ সহায়ত যোৰহাট জিলাৰ ৫ খন আৰক্ষী থানা আৰু ৬ খন আৰক্ষী চকী, মুঠ ১১ খন আৰক্ষী চকী আৰু থানাত আৰক্ষী তথা সাধাৰণ ৰাইজৰ বাবে বিশুদ্ধ খোৱা পানী যোগান আঁচনি ‘জলস্পন্দন’ প্ৰকল্পৰ শুভ উদ্ধোধন অনুষ্ঠান সম্পন্ন হয় ।
চিনামৰা আৰক্ষী চকীত চিনামৰা অঞ্চলবাসীৰ বাবে আৰু যোৰহাট আৰক্ষী চাউনীত আৰক্ষীৰ লগতে অঞ্চলবাসীৰ বাবে পানী যোগানৰ ব্যৱস্থা কৰা হয় । যোৰহাটৰ আৰক্ষী অধীক্ষক মোহন লাল মীনা, তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কাৰ্যবাহী সঞ্চালক (ED) সতীশ কুমাৰ দ্বিবেদীয়ে চিনামৰা পানী যোগান প্ৰকল্প আৰু যোৰহাট আৰক্ষী ছাউনীৰ পানী যোগান প্ৰকল্প দুটা উদ্বোধন কৰে ।
