ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ জালুকবাৰী সমষ্টিৰ পাকৰকোণা, শিঙিমাৰী, পচৰীয়া আদি অঞ্চলতো এতিয়া সৃষ্টি হৈছিল জলপ্ৰলয়ৰ। ব্ৰহ্মপুত্ৰৰ লগতে কলাজল নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছিল অঞ্চল কেইটাৰ খেতিপথাৰসমূহ। যাৰ ফলত এতিয়া খাদ্য সংকটত ভূগিছে এই সমূহ অঞ্চলৰ হাজাৰ হাজাৰ পশুই।
জালুকবাৰী সমষ্টিৰ অঞ্চল বিশেষে বৃহৎ অঞ্চল পানীয়ে বুৰাই পেলোৱাত চিন্তিত হৈ পৰিছে ৰাইজো। তেনে সময়তে আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বান বিধ্বস্ত শ শ পৰিয়ালৰ মাজত পশু খাদ্য বিতৰণ কৰে বিজেপি কিষাণ মৰ্চাৰ উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই। লগতে কামৰূপ জিলা প্ৰশাসনৰ জৰিয়তে ১৭ হাজাৰ গোধনৰ বাবে বিতৰণ কৰে ৬৫০ কুইন্টল পশু খাদ্য। প্ৰাকৃতিক দুৰ্যোগৰ এই সময়ত হিমন্ত বিশ্ব চৰকাৰে লোৱা এই পদক্ষেপক এতিয়া শলাগ লৈছে অঞ্চলটোৰ ৰাইজে।
