গুজৰাটৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানক ঐতিহাসিক দীঘলীপুখুৰীৰ দায়িত্বভাৰ অৰ্পণ কৰা প্ৰসংগত ওলোৱা বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। RTIৰ তথ্যত প্ৰকাশ পোৱা মতে, দীঘলীপুখুৰী ১৫ বছৰৰ বাবে ব্যক্তিগত কোম্পানীৰ দায়িত্বত দিয়া হৈছে। গুজৰাট আহমেদাবাদৰ ECHT Conglomerate Pv.ltd নামৰ এটা প্ৰতিষ্ঠানক ১৫ বছৰৰ বাবে গতাই দিছে চৰকাৰে। ইতিমধ্যে ৩০ লাখ ১২ হাজাৰ টকাৰ অগ্ৰিম ধন প্ৰতিষ্ঠানটোৱে জমা দিছে পৰ্যটন বিভাগক।
২০২২ চনৰ ২৩ মে’ত নিবিদা প্ৰক্ৰিয়া সম্পন্ন হৈছিল বুলি RTIৰ তথ্যত প্ৰকাশ। সেয়ে ২ মে’ৰ পৰা দীঘলীপুখুৰীৰ সম্পূৰ্ণ দায়িত্ব লৈছে প্ৰতিষ্ঠানটোৱে। দায়িত্ব লৈয়ে বৃদ্ধি কৰিছে প্ৰৱেশ মূল্য। ১০০ শতাংশ প্ৰৱেশ মূল্য বৃদ্ধি কৰাত ২০ টকা হৈছে টিকটৰ হাৰ।
কিন্তু RTIৰ তথ্যৰ বিপৰীত ভাষ্য আগবঢ়াইছে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে– ‘‘দীঘলীপুখুৰী সন্দৰ্ভত সংবাদ মাধ্যমত কিছু বাতৰি মোৰ দৃষ্টিগোচৰ হৈছে। পৰ্যটন মন্ত্ৰী হিচাপে মই অসমৰ জনসাধাৰণক স্পষ্টভাৱে জনাওঁ যে অসমীয়াৰ আৱেগ-অনুভূতি জড়িত হৈ থকা ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীটো কোনো কাৰণতে বাহিৰৰ কোম্পানীক গতাই দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে।
পৰ্যটন বিভাগে যিধৰণে বিগত দিনসমূহত ইয়াৰ পৰিচালনা কৰিছিল, আগন্তুক দিনতো তাৰ উন্নয়নৰ বাবে বিভাগে নিজেই কাম কৰি যাব। ইয়াক লৈ অনাহকত কোনো বিতৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই।’’
