সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ শিৱসাগৰত শুকুৰবাৰে বিৰোধী দল ৰাইজৰ দল, কংগ্ৰেছ আৰু অজাপৰ নেতা অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে একলগ হোৱাৰ পিছতে ৰাজ্যৰ শাসকীয় দলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তিনি গগৈক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়েও। তিনি গগৈক লৈ সৰৱ হোৱা শাসকীয় বিজেপিৰ পীয়ূষ হাজৰিকায়ো প্ৰকাশ কৰে মন্তব্য।
এই প্ৰসংগক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে এতিয়া সৰৱ হৈছে উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ সভাপতি বসন্ত গগৈ আৰু কাৰ্যকৰী সভাপতি প্ৰদীপ বুঢ়াগোহাঁই। মুখ্যমন্ত্ৰীয়ে তিনি গগৈ লগ হোৱাটো জাতিটোৰ বাবে ক্ষতিকাৰক, বাকী কলিতা, দত্ত এইবিলাক ক’ত যাব বুলি কটাক্ষ কৰাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উজনি অসম সমষ্টি সুৰক্ষা সমিতিয়ে।
সমিতিৰ সভাপতি বসন্ত গগৈয়ে কয়– ‘‘আমি কোনো উপাধি চাই নিমন্ত্ৰণ জনোৱা নাছিলোঁ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো দল–সংগঠনকে উক্ত প্ৰতিবাদী কাৰ্যসূচীলৈ নিমন্ত্ৰণ জনাইছিলোঁ আৰু ৰাইজ স্বতস্ফূৰ্তভাৱে ওলাই আহিছিল।’’ গগৈয়ে লগতে কয় যে ‘‘তিনি গগৈ’‘ৰ ধাৰণা সৃষ্টি কৰিছে সংবাদ মাধ্যমেহে। তিনি গগৈৰ উপৰি উক্ত অনুষ্ঠানত ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, ৰাণা গোস্বামী, বিধায়ক মনোৰঞ্জন তালুকদাৰসহ বিভিন্ন দল–সংগঠনৰ প্ৰতিনিধি আছিল। মুখ্যমন্ত্ৰীয়ে ইয়াক এটা সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰা বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ বুঢ়াগোঁহায়ে।উল্লেখ্য যে যোৱা শুকুৰবাৰে উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ উদ্যোগত শিৱসাগৰ দৌলমুখ চাৰিআলিত ৰূপায়ণ কৰিছিল বিশাল গণ অৱস্থান কাৰ্যসূচী। কাৰ্যসূচীত উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ আহ্বান মৰ্মেই উপস্থিত হৈছিল অখিল গগৈ, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈসহ বিভিন্ন ৰাজনৈতিক দল আৰু জাতীয় সংগঠনৰ বিষয়ববীয়া।
