গুৱাহাটী ৰে’ল ষ্টেচনত উদ্দেশ্যহীনভাৱে ঘূৰি ফুৰিছিল ১১ কিশোৰ, উদ্ধাৰৰ পিছত ওলাল উদ্বেগজনক তথ্য


 

গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা ১১জন কিশোৰক উদ্ধাৰ। RPFৰ দুগৰাকী মহিলা আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰকেইটিক। ৰে’ল ষ্টেচনৰ প্লেটফৰ্মত লক্ষ্যহীনভাৱে ঘূৰি ফুৰিছিল কিশোৰকেইটি।

তথ্য অনুসৰি, ৰে’লৱে ষ্টেচনৰ ১নং প্লেটফৰ্মৰ পৰা উদ্ধাৰ কৰা হয় ৭ কিশোৰক। কামৰূপ জিলাৰ ছয়গাঁৱৰ পৰা গুৱাহাটীলৈ আহি আছিল ৭ কিশোৰ। ইয়াৰ লগতে বঙাইগাঁৱৰ পৰা অহা আন ৪ কিশোৰক ২-৩ নং প্লেটফৰ্মৰ পৰা উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা ৪ কিশোৰে বৰপেটাৰোডত ৰে’লত উঠি গুৱাহাটীলৈ আহিছিল।

পিছত RPFয়ে চাইল্ড লাইনক কিশোৰকেইটিক গতাই দিয়ে। উদ্ধাৰ হোৱা ১১ কিশোৰে বিভিন্ন কাৰণত ঘৰৰ এৰি পলাই অহা বুলি জানিব পৰা গৈছে।

উল্লেখ্য, কিশোৰ-কিশোৰীসকলে বিভিন্ন কাৰণত পৰিয়াল পৰিত্যাগ কৰাটো অসমত ক্ৰমাৎ ভাবুকি হৈ পৰিছে।

Post a Comment

Previous Post Next Post