পানীৰ পাইপ ফুটাটো যেন এতিয়া নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে গুৱাহাটীত। ইঠাইৰ পৰা সিঠাইত ফুটুছে পানীৰ পাইপ। জাইকাৰ পানীযোগান ধৰা পাইপে মহানগৰীত এগৰাকী মহিলাৰ অকাল মৃত্যু মাতি অনাৰ পিছতো প্ৰশাসনে এই দিশত দেখুৱাব পৰা নাই সুদক্ষতা।
খাৰঘুলিৰ পিছত ৰাজগড়, তাৰ পিছত মালিগাঁও আদি ভিন্ন ঠাইত এদিন পিছত আনাটো দিনত পানীৰ পাইপ ফুটি পানী নিৰ্গত হোৱাটো স্বাভাৱিক ঘটনা হৈ পৰিছে। কোনো ঠাইত যদি এই ঘটনাই কালৰূপ ধাৰণ কৰিছে কোনো ঠাইত সৃষ্টি কৰিছে কৃত্ৰিম বান।
আজি পুৱাও এই ঘটনাৰে সাক্ষী হ’ল গুৱাহাটী মহানগবাসী। গুৱাহাটীৰ শিলপুখুৰীত এইবাৰ ফুটিল জল বোৰ্ডৰ পানীৰ পাইপ। পাইপ ফুটাৰ ফলত কৃত্ৰিম বান সদৃশ পৰিৱেশ সৃষ্টি হয় ৰাজপথত। ই জলবিস্ফোৰণৰ ৰূপ লোৱা নাই যদিও সমগ্ৰ শিলপুখুৰীৰ পথত পানীয়ে বুৰাই পেলায়। আজি পুৱা ৬ বজাত এই ঘটনা পৰিলক্ষিত হয়।
