গোসাঁইগাঁৱৰ কৃতী সন্তান মনবীৰ বসুমতাৰীয়ে স্থান লাভ কৰিলে ভাৰতীয় ফুটবলৰ ১৯ অনূৰ্ধ্ব দলত। অসমৰ পৰা ভাৰতীয় ফুটবল ১৯ অনূৰ্ধ্ব দলত অন্তৰ্ভুক্ত হোৱা কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ ফুটবল খেলুৱৈ মনবীৰ বসুমতাৰীৰ সৈতে News 18 Assam & NE ৰ আছুতীয়া সাক্ষাৎকাৰত তেওঁ যথেষ্ট আনন্দিত আৰু উৎসাহিত বুলি প্ৰকাশ কৰে।
১২ বছৰ বয়সৰ পৰাই গোসাঁইগাঁওস্থিত গ্লোবেল স্প’ৰ্টছ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰে মনবীৰ বসুমতাৰীয়ে। গ্লোবেল স্প’ৰ্টস একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰা সময়ত মনবীৰ বসুমতাৰীয়ে কোকৰাঝাৰ জিলাৰ ১৩ অনূৰ্ধ্ব দলত স্থান লাভ কৰিবলৈ সক্ষম হয়।
তেওঁ জনায় যে সৰুৰে পৰা সপোন আছিল ভাৰতীয় ফুটবল দলত খেলিবলৈ। তাৰ বাবে যথেষ্ট কষ্ট কৰিছে মনবীৰে। আজি সপোন পুৰণ হোৱাত তেওঁ যথেষ্ট উৎসাহিত, আনন্দিত। ভাৰতীয় ১৯ অনূৰ্ধব ফুটবল দলৰ খেলুৱৈ হিচাপে অন্তৰ্ভুক্ত হোৱা মনবীৰে ইয়াৰ পূৰ্বে মিজোৰামৰ যুথ ফুটবল দলত তিনি বছৰৰ বাবে চুক্তিবদ্ধ হৈ ১৫ অনূৰ্ধ্ব দলত স্থান লাভ কৰি ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছিল।
পিছত কেৰালা ইউনাইটেডৰ য়ুথ দলৰ বাবে তিনি বছৰৰ বাবে চুক্তিবদ্ধ হৈ বিগত সময়ত ভাল প্ৰদৰ্শন কৰি আহিছে। ২০২৩ চনত প্ৰিমিয়াৰ লীগত কেৰালা ইউনাইটেড দলৰ হৈ মনবীৰ বসুমতাৰীয়ে অংশগ্ৰহণ কৰি ভাল প্ৰদৰ্শন কৰাৰ লগতে দলক চেম্পিয়ন কৰোৱাত আগভাগ লয়। অৱশেষত ভাৰতীয় ফুটবল ১৯ অনূৰ্ধ্ব দলত স্থান লাভ কৰে।
শেহতীয়াকৈ ভাৰতীয় দলৰ হৈ খেলাৰ বাবে বাছনিত স্থান লাভ কৰাত উৎফল্লিত হৈছে গ্লোৱেল ফুটবল একাডেমীৰ প্ৰশিক্ষক ৰাজু মুছাহাৰী৷ মনবীৰৰ দেউতাকৰ গাঁওতে সৰু এখন চাহৰ দোকান আছে। আৰ্থিক সমস্যাৰ মাজতো নিজকে ফুটবল খেলত আত্মনিয়োগ কৰি আগুৱাই গৈ আজি ভাৰতীয় ফুটবল দলত সফলতাৰে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।তিনি জুলাই তাৰিখে ১৯ অনূৰ্ধ্ব ভাৰতীয় ফুটবল দলৰ ভুৱনেশ্বৰত হ’বলগীয়া শিবিৰত অংশগ্ৰহণ কৰিব মনবীৰ বসুমতাৰীয়ে। সম্প্ৰতি গোসাঁইগাঁৱৰ জয়মাৰ নিৱাসী মনবীৰ বসুমতাৰীৰ সফলতাত এতিয়া আনন্দত উৎফুল্লিত গোসাঁইগাঁওবাসী।
