জীৱনযুদ্ধত বিশেষভাৱে সক্ষম বিপুল চেতিয়া, স্বাৱলম্বিতাৰ আদৰ্শ দেখুওৱা বিপুলে পালে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানো

 


ফাষ্টফুডৰ ব্যৱসায়েৰে জীৱনযুদ্ধত বিশেষভাৱে সক্ষম বিপুল চেতিয়া। বিশেষভাৱে সক্ষম বিপুল চেতিয়াই ৰাষ্ট্ৰীয় পৰ্যায়ত কঢ়িয়াই আনিছে গৌৰৱ৷ কৰ্মই ধৰ্ম বুলি কোৱা বাক্যশাৰীকে সাৰোগত কৰি তিনিচুকীয়াৰ শ্ৰীপুৰীয়া ৭০০ নম্বৰ গেটৰ বিশেষভাৱে সক্ষম যুৱক বিপুল চেতিয়াই কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানো।

প্ৰয়াত লোহিত চেতিয়া আৰু গীতালি চেতিয়াৰ পুত্ৰ বিপুল চেতিয়া (৩০)৷ চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ সময়তে পিতৃহাৰা হয় বিপুল৷ তাৰ পিছতে দশম শ্ৰেণীত অধ্যয়নৰত সময়ৰ পৰাই বিপুল চেতিয়াই নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ বজাৰত বিক্ৰী কৰিছিল শাকপাচলি। পৰৱৰ্তী সময়ত নিজৰ অক্ষমতাক প্ৰাধান্য নিদি বিপুলে ২০১১ চনৰ পৰা আৰম্ভ কৰিলে ব’ডী বিল্ডিঙৰ কাৰণে শৰীৰ চৰ্চা৷ তাৰ সমান্তৰালভাৱে ২০১৩ চনৰ পৰা নিজৰ ঘৰৰ সন্মুখতে এখন মাংস কাটি বিক্ৰী কৰাৰ সৰু দোকান আৰম্ভ কৰিছিল।

দোকান ঠিকেই চলি আছিল যদিও পৰৱৰ্তী সময়ত মাংসৰ দোকান অধিক হোৱাত ব্যৱসায় সলনি কৰিলে বিপুলে। মাংস দোকানৰ কাষতেই ২০১৮ চনৰ পৰা সৰুকৈ আৰম্ভ কৰিলে সকলোৱে সোৱাদ লৈ ভালপোৱা ফাষ্টফুডৰ ব্যৱসায়। আবেলি তিনি বজাৰ পৰা নিশা ১০ বজালৈ ফাষ্টফুডখন প্ৰতিদিনেই বিপুলে মাতৃৰ সহযোগত চলাই আহিছে। এতিয়া বিপুলৰ হাতৰ সোৱাদ ল’বলৈ আগমন ঘটে বহু গ্ৰাহকৰ। ফাষ্টফুডৰ ব্যৱসায়ৰ জৰিয়তে বিপুলে নিজকে স্বাৱলম্বী কৰাৰ সমান্তৰালভাৱে নিজে দৃঢ় সংকল্পৰে শৰীৰ চৰ্চা কৰি আগুৱাই গৈছে প্ৰতিদিনে।পলিঅ’ত আক্ৰান্ত বিপুলৰ বাঁওফাল দুৰ্বল যদিও মনত আছে বিপুলৰ অদম্য সাহস আৰু ধৈৰ্য, যাৰ জৰিয়তে কিছুদিনৰ পূৰ্বে বিপুলে কঢ়িয়াই আনিছে এক ৰাষ্ট্ৰীয় সন্মান। ১৬ জুনৰ পৰা ২১ জুন ২০২৩লৈ International Health, Sports & Fitness body building associationয়ে দিল্লীত অনুষ্ঠিত কৰা Star  category ( Physically challenge) প্ৰতিযোগিতাত একেৰাহে IHFF Olympia pro qualifier 1st Runner Up Silver medel, BBSA Mr Asia Winner Gold Medal আৰু FBBA National winner gold মেডেল লাভ কৰি তিনিচুকীয়া জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে বিপুলে।

Post a Comment

Previous Post Next Post