হাজোত চাঞ্চল্যকৰ ঘটনা। হাজোৰ আকাশত প্ৰত্যক্ষ কৰা গ’ল এটা বগা বেলুন। লাহে লাহে তললৈ নামি অহা বেলুনটো হাজোৰ দামপুৰৰ আমদলাত আকাশৰ পৰা সৰি পৰে। এই ঘটনা সংঘটিত হয় এগৰাকী লোকৰ সন্মুখত।
লোকগৰাকীয়ে পথাৰত যোৱাৰ সময়ত এই বেলুনটো প্ৰত্যক্ষ কৰে। বেলুনটোৰ ভিতৰত উদ্ধাৰ হৈছে এটা সক্ৰিয় মেচিন। মেচিনটো কোৰিয়াত নিৰ্মাণৰত বুলি উল্লেখ আছে। ব্যক্তিগৰাকীয়ে এই বিষয়ে ৰাইজক অৱগত কৰে। তাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হয় চাঞ্চল্য। এই ঘটনাৰ নেপথ্যত কি আছে, সেয়া জানিবলৈ কৌতূহল পৰিলক্ষিত হৈছে ৰাইজৰ মাজত।
