গুৱাহাটীত উপস্থিত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়। আই আই টি গুৱাহাটীৰ দুটাকৈ অনুষ্ঠানত অংশগ্ৰহণ কৰিব উপ–ৰাষ্ট্ৰপতিগৰাকীয়ে। আজি পুৱাই বিমানযোগে গুৱাহাটীত উপস্থিত হয় ধনখড়। বিমানবন্দৰত উপ–ৰাষ্ট্ৰপতিক উষ্ম আদৰণি জনায় ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ কুইন ওজা, মন্ত্ৰী অতুল বৰা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মেয়ৰ মৃগেন শৰণীয়াৰ লগতে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে।
বিমানবন্দৰৰ পৰা উপ–ৰাষ্ট্ৰপতিগৰাকী ৰাওনা হয় শক্তিপীঠ কামাখ্যালৈ। শক্তিপীঠত মা কামাখ্যাৰ আশিস লৈ আই আই টি গুৱাহাটীলৈ ৰাওনা হয় উপ–ৰাষ্ট্ৰপতি ধনখড়।
উল্লেখযোগ্য যে আই আই টি গুৱাহাটীৰ ২৫সংখ্যক সমাৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব উপ–ৰাষ্ট্ৰপতিগৰাকীয়ে। তাৰ উপৰি আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় অনুষ্ঠানতো অংশগ্ৰহণ কৰিব ধনখড়ে।
