অনলাইন পাবজি খেলি হ’ল প্ৰেম! চাৰি সন্তানক লৈ প্ৰেমিকক লগ পাবলৈ ভাৰতলৈ আহিল পাকিস্তানী প্ৰেমিকা


 

চাৰি সন্তানসহ ভাৰতলৈ আহি আৰক্ষীৰ হাতত আটক হ’ল এগৰাকী পাকিস্তানী মহিলা। গ্ৰেটাৰ নয়দা অঞ্চলত অবৈধভাৱে বসবাস কৰাৰ অভিযোগত আটক কৰা হয় মহিলাগৰাকীৰ লগতে তেওঁৰ সন্তানক। আৰক্ষীৰ সূত্ৰ অনুসৰি, গ্ৰেটাৰ নয়দাৰ এজন স্থানীয় বাসিন্দাৰ ঘৰত তেওঁলোক আছিল। সেই যুৱকজনৰ সৈতে মহিলাগৰাকীৰ বাৰ্তালাপ হৈছিল ইণ্টাৰনেটত পাবজি খেলৰ জৰিয়তে। গ্ৰেপ্টাৰ নয়দাৰ যিজন বাসিন্দাই মহিলাগৰাকীক থাকিবলৈ দিছিল, তেওঁকো আটক কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনাইছে, উক্ত অঞ্চলত ভাৰাতীয়া হিচাপে থাকে সেই যুৱকজন।


প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পাৰিছে, অনলাইন পাবজি গেমত আলাপ হৈছিল নয়দাৰ যুৱক আৰু পাকিস্তানী মহিলাগৰাকীৰ। তাৰ পিছৰে পৰা সম্পৰ্ক। তেওঁলোকক সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীয়ে জানিব পাৰিছে যে চাৰি সন্তাক লৈ পাকিস্তানী মহিলাগৰাকীয়ে নেপাল হৈ উত্তৰ প্ৰদেশত প্ৰৱেশ কৰিছিল বিগত মাহত। তাৰ পিছতে বাছেৰে উত্তৰ প্ৰদেশৰ পৰা গ্ৰেটাৰ নয়দালৈ আহে।গ্ৰেটাৰ নয়দাত যিজন যুৱকৰ সৈতে ভাড়া ঘৰত সন্তানসহ বাস কৰিছিল মহিলাগৰাকীয়ে, সেই ঘৰৰ মালিককো আৰক্ষীয়ে জেৰা কৰিছে। তদন্তকাৰী আৰক্ষীক তেওঁ জনাইছে, মে’ মাহৰ পৰা সেই যুৱকজন আৰু মহিলাগৰাকী একেলগে আছিল। তেওঁ জনায়, ৰেজিষ্ট্ৰি কৰি বিয়া হৈছে তেওঁলোকৰ। স্বামী–স্ত্ৰী হিচাপে পৰিচয় দি ঘৰ ভাড়ালৈ লৈছিল তেওঁলোকে। মহিলাগৰাকীক দেখি পাকিস্তানী নাগৰিক বুলি অকণো সন্দেহ হোৱা নাছিল।

Post a Comment

Previous Post Next Post