অসম ৰাজ্যিক চিৰিয়াখানাৰ ঘন জংঘলত বাঘৰ মুক্ত বিচৰণ, জাননী জাৰি


 

সাৱধান, চিৰিয়াখানাৰ ওচৰে–পাঁজৰে ঘূৰি ফুৰিছে বাঘ। অসম ৰাজ্যিক চিৰিয়াখানাৰ  ওচৰত প্ৰত্যক্ষ কৰা গৈছে বাঘৰ মুক্ত বিচৰণ। অসম ৰাজ্যিক চিৰিয়াখানা সদৰৰ বনাঞ্চলিক বিষয়াই এই বিষয়ে জানিবলৈ দিছে। এই সন্দৰ্ভত চিৰিয়াখানা কৰ্তৃপক্ষই ৰাইজক উদ্দেশ্যি জাৰি কৰিছে জাননী।

চিৰিয়াখানা সদৰ অঞ্চলৰ আঞ্চলিক বিষয়াই প্ৰকাশ কৰে যে অসম ৰাজ্যিক চিৰিয়াখানাৰ পাহাৰৰ ঘন জংঘল আৰু দাঁতি কাষৰীয়া অঞ্চলত সঘনাই নাহৰফুটুকী বাঘৰ বিচৰণ পৰিলক্ষিত হৈছে। এনে অৱস্থাত উক্ত অঞ্চলত অকলে বিচৰণ নকৰিবলৈ তথা শিশুসকলক অভিভাৱক অবিহনে অকলে এৰি নিদিবলৈ আহ্বান জনাইছে।


উল্লেখ্য, এই বাঘে কিদৰে আহি চিৰিয়াখানাৰ ওচৰ পালে তাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ। বন বিভাগে উক্ত অঞ্চলত বাঘৰ ভিন্ন অৱস্থিতি লক্ষ্য কৰি কৰ্মত অগ্ৰসৰ হৈছে।

Post a Comment

Previous Post Next Post