হিমাচলৰ থালৌটত সন্ধানহীন অসমৰ দম্পতী। ৪৮ ঘণ্টা ধৰি খবৰ নাই দেৱাশিস ৰাজখোৱা আৰু শিখা ফুকনৰ। অৱসৰ বিনোদনৰ বাবে শিৱসাগৰৰ পৰা হিমাচললৈ গৈছিল দেৱাশিস আৰু শিখা। প্ৰাকৃতিক দুৰ্যোগৰ পিছৰে পৰা সন্ধানহীন হৈ আছে দুয়ো। চৰাইদেউৰ সোণাৰি পাৰ্বতীপুৰত ঘৰ দেৱাশিস ৰাজখোৱাৰ।
শীঘ্ৰেই তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে পৰিয়ালৰ লোকে। পাণবজাৰ থানাৰ ASP পৃথিৱী ৰাজখোৱাৰ ভাতৃ দেৱাশিস ৰাজখোৱা। হিমাচল আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে পৰিয়ালৰ লোকে। আৰক্ষীৰ মতে, সুৰক্ষিত আছে দেৱাশিস ৰাজখোৱা আৰু শিখা ফুকন।
পৰিয়ালৰ সৈতে যোগাযোগ কৰাবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। শিখা ফুকন আৰু দেৱাশিস ৰাজখোৱা দুয়ো শিৱসাগৰ কলেজত অধ্যয়ন কৰিছিল। উল্লেখযোগ্য যে প্ৰাকৃতিক দুৰ্যোগে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে হিমাচল প্ৰদেশত।
