দৰিদ্ৰতাৰ বাবে লঘোণে থকাসকলক এসাঁজ ভাতৰ যোগান ধৰা শনিবৰীয়া 'সমিধান'





 ভোকত এসাঁজ ভাত,পিয়াহত এটুপি পানী। দৰিদ্ৰতাৰ বাবে লঘোণে থকা লোকসকলক এসাঁজ ভাতৰ যোগান ধৰা শনিবৰীয়া ’ সমিধান ‘। বিনামূলীয়াকৈ খাওক মাছ-মাংসৰে এসাঁজ ভাত । এইখন অসমৰ কেইজনমান হৃদয়ৱান লোকৰ মহানুভৱতা ।

দৰিদ্ৰতাৰ বাবে লঘোণে থকা লোকসকলক যোগান ধৰিছে মাছ-মাংসৰে এমুঠি ভাত। প্ৰত্যেকটো শনিবাৰে বিনামূলীয়াকৈ এসাঁজ ভাতৰ যোগান ধৰা বাবে নাম হৈছে শনিবৰীয়া সমিধান। এইখনৰ অসমৰে ডিব্ৰুগড় জিলাৰ চাবুৱাত আছে এই শনিবৰীয়া ’ সমিধান ‘। চাবুৱা ৰে’লৱে ষ্টেচনৰ সমীপতে দৰিদ্ৰতাৰ বাবে লঘোণে থকা লোকসকলক এসাঁজ ভাতৰ যোগান ধৰে শনিবৰীয়া ’ সমিধান ‘–এ ।

য’ত জাতি -বৰ্ণ নিৰ্বিশেষে দৰিদ্ৰ লোকে গ্ৰহণ কৰি আহিছে বিনামূলীয়া খাদ্য। গৃহহীন পদপথত বাস কৰা লোকসকলে উদৰ পূৰাই এসাঁজ মাংস-ভাত পৰম তৃপ্তিৰে খায় এই সমিধানত। চাবুৱা আৰু আশে পাশে লঘোণে থকা লোকসকলক মাছ-মাংসৰে এমুঠি ভাতৰ যোগান ধৰে সমিধান নামৰ অনুষ্ঠানটোৰ সৈতে জড়িত এইকেইজন হৃদয়ৱান ব্যক্তিয়ে।

এই সমিধান হৈছে এনে এক সামাজিক অনুষ্ঠান,য’ত দৰিদ্ৰ লোকসকলক বিনামূলীয়াকৈ এসাঁজ ভাত খুৱাবৰ বাবে অন্য ব্যক্তি বা অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা কোনো বৰঙণি তোলা নহয়। স্বতঃস্ফূৰ্তভাৱে অসমৰ বিভিন্ন স্থানৰ জাতি–বৰ্ণ নিৰ্বিশেষে ব্যক্তিসকলে অৰিহণা আৰু অত্যাৱশকীয় খাদ্যসামগ্ৰী আৰু বস্ত্ৰ প্ৰদান কৰে বিনামূলীয়াকৈ।

ইয়াৰ জৰিয়তেই প্ৰতি শনিবাৰে দুপৰীয়াৰ ভাগত গৃহহীন, বিশেষভাৱে সক্ষম লোকসকলক এসাঁজ মাংস ভাত বিগত বছৰসমূহত যোগান ধৰি অহা পৰিলক্ষিত হৈ আহিছে। কোনো সুহৃদ ব্যক্তি বা অনুষ্ঠান–প্ৰতিষ্ঠানে এই সমিধানৰ জৰিয়তে দৰিদ্ৰ লোকসকলক এসাঁজ ভাতৰ বাবে সামান্য সহায়–সহযোগিতা কৰিব বিচাৰিলে চাবুৱা নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ছুটকা পাণ দোকানতহে বৰঙণি আগবঢ়ায় বুলি দোকানখনত আঁৰি থোৱা বেনাৰত পৰিলক্ষিত হৈছে।

Post a Comment

Previous Post Next Post