পাকিস্তানৰ সিন্ধ প্ৰদেশৰ (Sindh, Pakistan) ক’ত ডিজি জিলাৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা সীমা গুলাম হাইদৰ এতিয়া ভাৰতৰ বোৱাৰী। উত্তৰ প্ৰদেশৰ শচীন মীনাৰ সৈতে সংসাৰ পাতিছে সীমা হাইদৰে (Seema Haider)। পিছে সীমা-শচীনৰ যুগ্ম জীৱনৰ আঁৰত আছে দীঘলীয়া কাহিনী। বহু সংশয়, বহু সন্দেহ!
সীমা-শচীনৰ লগতে শচীনৰ পিতৃয়ে ১৪ দিনৰ ন্যায়িক জিম্মাৰ অন্ত পেলাই ৭ জুলাইৰ দিনা জামিনত কাৰাগাৰৰ পৰা মুক্তি পাইছে। কিন্তু সোমবাৰে উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদ বিৰোধী গোটৰ (UP ATS) উচ্চ পৰ্যায়ৰ বিষয়াই নয়দাত পাকিস্তানী সীমা গুলাম হাইদৰ আৰু ভাৰতীয় স্বামী শচীন মীনাক জেৰা চলায়। কাৰণ সীমাৰ বিৰুদ্ধে পাকিস্তানৰ হৈ ভাৰতত চোৰাংচোৱাগিৰি কৰাৰ সন্দেহ।
শচীন মীনাৰ সৈতে কেনেদৰে প্ৰেম হ’ল সীমা গুলাম হাইদৰৰ?
সন্দেহ উপজিছে, পাকিস্তানত চাৰিটা সন্তানসহ স্বামী গুলাম হাইদৰৰ সৈতে দীৰ্ঘ দিনৰ সংসাৰ এৰি কিয় ভাৰতলৈ পলাই আহিছে ২৭ বছৰীয়া সীমা হাইদৰ? সীমা হাইদৰক পাকিস্তানৰ চোৰাংচোৱা বুলি সন্দেহ কৰি উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ আৰক্ষীয়ে লাভ কৰা সাক্ষ্যপ্ৰমাহসহ খবৰ দিছিল ইণ্টেলিজেঞ্চ ব্যুৰ’ (IB) আৰু উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদ বিৰোধী গোটক (UP ATS)। সোমবাৰে জেৰাৰ অন্তত পিছে যাবলৈ দিয়া হৈছে দম্পতীটোক।
কিন্তু একেসময়তে কট্টৰপন্থী হিন্দু সংগঠন গোৰক্ষা হিন্দু দলে সীমা হাইদৰক পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ (ISI) ৰ এজেন্ট বুলি দাবী কৰি তিনি দিনৰ ভিতৰত ভাৰত ত্যাগৰ হুমকি দিছে।
সকলোৰে মনলৈ প্ৰশ্ন আহিছে- কেনেদৰে ভাৰতলৈ আহিল সীমা গুলাম হাইদৰ?
উত্তৰ প্ৰদেশৰ ২২ বছৰীয়া যুৱক শচীন মীনাৰ সৈতে কেনেদৰে প্ৰেম হ’ল সীমা গুলাম হাইদৰৰ?
কেনেদৰে ভাৰতলৈ আহিল সীমা?
সীমা হাইদৰৰ ভাষ্য অনুসৰি এয়া কেৱল এগৰাকী পাকিস্তানী মহিলাৰ ভাৰতীয় যুৱকৰ সৈতে প্ৰেম। কেৱল প্ৰেমৰ বাবেই এখন সংসাৰ এৰি, সকলো প্ৰত্যাহ্বান নেওচি প্ৰেমাস্পদৰ ওচৰলৈ দেশান্তৰিত হৈ আহিছে। সেয়া তিনি বছৰৰ পূৰ্বৰ কথা। ২০২০ চন। পাকিস্তানৰ সিন্ধ প্ৰদেশৰ গুলাম হাইদৰৰ পত্নী তথা চাৰি সন্তানৰ মাতৃ সীমা হাইদৰে পাবজি (PUBG) খেলিবলৈ আৰম্ভ কৰিছিল। সীমা হাইদৰে ভাৰতৰ উত্তৰ প্ৰদেশৰ যুৱক শচীন মীনাৰ PUBG খেলাৰ ধৰণ দেখি মোহিত হৈ পৰে। সীমা হাইদৰেই শচীন মীনাৰ সৈতে কথা-বতৰাৰ আৰম্ভণি কৰে।
সেই কথা–বতৰাই পৰিৱৰ্তন ঘটে প্ৰেমলৈ। তাৰ পিছত এজনে আনজনক সাক্ষাতৰ বাবে ব্যাকুল হৈ পৰে। সীমা হাইদৰৰ পাছপ’ৰ্ট আছে, কিন্তু শচীন মীনাৰ পাছপ’ৰ্ট নাই। দুয়োৱে যেতিয়া জানিব পাৰিলে যে ভাৰতীয় লোকে নেপাললৈ ভিছা নোহোৱাকৈ যাব পাৰে, তেতিয়া তেওঁলোকে পৰস্পৰক কাঠমাণ্ডুত সাক্ষাতৰ পৰিকল্পনা কৰে। এই বছৰৰে মাৰ্চত চাৰি সন্তানক মোমায়েকৰ ঘৰত থৈ সীমা হাইদৰ কাঠমাণ্ডুলৈ আহে। তাতেই শচীনৰ সৈতে প্ৰথম সাক্ষাৎ হয়। কাঠমাণ্ডুৰ হোটেলত একেলগে সাত দিন কটায়। সীমা হাইদৰে প্ৰকাশ কৰা অনুসৰি কাঠমাণ্ডুৰ পশুপতি মন্দিৰত দুয়ো বিবাহ পাশত আৱদ্ধ হৈ পুনৰ নিজ দেশলৈ উভতি যায়।
সীমা হাউদৰ দ্বিতীয়বাৰৰ বাবে আকৌ কাঠমাণ্ডুলৈ আহে। এইবাৰ লৈ আহে চাৰি সন্তানক। কাঠমাণ্ডুৰ পৰা সীমা হাইদৰ উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ ৰাবুপুৰা মোহাল্লা আম্বেদকাৰ নগৰৰ শচীন মীনাৰ বাসগৃহলৈ আহে। ১৩ মে’ৰ পৰা তাতে শচীন মীনাৰ সৈতে সংসাৰ কৰিছিল সীমা হাইদৰে। ইছলাম ধৰ্ম এৰি হিন্দু ধৰ্ম গ্ৰহণ কৰা সীমা হাইদৰে কেতিয়াও পাকিস্তানলৈ ঘূৰি নোযাৱাৰ শপতো খাইছে।
ভাৰতত আইনী মেৰপেঁচত সীমা–শচীন
অবৈধভাৱে ভাৰতত থকাৰ লগতে বহুকেইটা অভিযোগত ৪ জুলাইত উত্তৰ প্ৰদেশ আৰক্ষীয়ে সীমা হাইদৰ (২৭), শচীন মীনা (২২) আৰু শচীনৰ ৫৯ বছৰীয়া পিতৃক (Sachin Meena and his father Netrapal Singh) গ্ৰেপ্তাৰ কৰে। Section 14 ৰ অধীনত বিদেশী বিধি, IPC Section 120B ( অপৰাধ ষড়যন্ত্ৰ) আৰু 34 (কেইবাজনো লোকে একে উদ্দেশ্য লৈ কৰা অপৰাধ)ৰ লগতে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে Section 3,4,5 ৰ পাছপৰ্ট বিধি ১৯২০ৰ অধীনত তিনিওকে গ্ৰেপ্তাৰ কৰা হয়।
ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা আটাইকেইজনে ৭ জুলাইত জামিনত মুক্তি লাভ কৰে। এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে- স্বামী গুলাম হাইদৰে নজনাকৈ কেনেকৈ সীমা হাইদৰ বাৰে বাৰে নেপাললৈ আহিছিল? সঁচাকৈয়ে পাকিস্তানী চোৰাংচোৱা হৈ পৰিকল্পিত নাটক ৰচি ভাৰতলৈ আহিছে নেকি সীমা হাইদৰ?
সীমাৰ সংসাৰলৈ আহিছে অনিশ্চয়তা
আনহাতে উত্তৰ প্ৰদেশ সন্ত্ৰাসবাদ বিৰোধী গোটে (UP ATS) কেইবাঘণ্টা ধৰি জেৰা চলোৱাৰ অন্তত মুকলি কৰি দিয়া সীমা হাইদৰৰ প্ৰতি বহুতে সহমৰ্মিতা প্ৰকাশ কৰি কৈছে- কেৱল প্ৰেমৰ বাবেই দেশান্তৰিত হোৱা সীমা হাইদৰে শচীন মীনাৰ সৈতে সুখৰ সংসাৰ কৰক।
একে সময়তে গোৰক্ষা হিন্দু দলে বান্ধি দিয়া চৰম সীমাই সীমাৰ সংসাৰলৈ আনিছে অনিশ্চয়তা।