নলবাৰীত জল জীৱন সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰতিখন জিলাত অনুষ্ঠিত হ’বলগীয়া জল জীৱন সন্মিলনৰ প্ৰথমখন সন্মিলনত সোমবাৰে উপস্থিত থাকি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে কেইবাটাও নতুন কথা ৷ ইয়াৰ ভিতৰত অহা অক্টোবৰ মাহত ৰাজ্যত পুনৰ সংযোজন হ’ব ৪০ হাজাৰ লোকক ৰেচন কাৰ্ড প্ৰদান ৷ দুখীয়া লোকৰ হাতত তুলি দিব এই ৰেচন কাৰ্ড ৷
পূৰ্বৰ চাউলৰ বাবে ৰেচন কাৰ্ড থকা কাৰ্ডখন এতিয়াৰে পৰা ব্যৱহাৰ হব মেডিকেলত ৷ মেডিকেলত কাৰ্ডখন থাকিলে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সুবিধা লাভ কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ একেদৰে অহা ১০ চেপ্তেম্বৰ তাৰিখে পুনৰ ৭ লাখ পৰিয়ালক যোগান ধৰিব অৰুণোদয় আঁচনি ৷ বৰ্তমানে লাভ কৰি থকা ১২৫০ টকাৰ পৰিবৰ্তে ১৪০০ টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী শৰ্মাৰ ৷নতুন ৰেচন কাৰ্ড, অৰুণোদয় আচনিৰ সমান্তৰালকৈ ৰাজ্যৰ ৩ লাখ ৭০ হাজাৰ আত্মসহায়ক গোটত ১৪ লাখ মহিলালৈ আছে ভাল খবৰ ৷ আত্মসহায়ক গোটৰ যিসকল মহিলাই সৰু সৰু উদ্যোগ কৰিব বিচাৰে তেওঁলোকক প্ৰদান কৰিব ১০ হাজাৰ টকা ৷
ইফালে ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অহা জুলাই আগষ্টত ২২ হাজাৰ নতুন বিজ্ঞাপন প্ৰকাশ পাব ৷ এনেদৰে নলবাৰীৰ জন জীৱন সন্মিলনত দেখা গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও নতুন প্ৰতিশ্ৰুতি ৷
