মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গুৱাহাটীৰ গান্ধীমণ্ডপৰ এগৰাকী যুৱতীৰ আপত্তিজনক ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ পিছতে যুৱতীগৰাকীয়ে সোমবাৰে জীৱনৰ চৰম সিদ্ধান্ত লয়।
যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, যুৱতীগৰাকীৰ আপত্তিজনক ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছিল অমিত মেধি নামৰ যুৱক এজনে। জানিব পৰা মতে, যুৱতীগৰাকীয়ে মৃত্য়ুৰ পূৰ্বে নোটত লিখি থৈ গৈছে সমস্ত কথা।
খবৰ অনুসৰি, ইতিমধ্যে আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আটক কৰিছে অভিযুক্ত যুৱক অমিত মেধিক। উল্লেখযোগ্য যে, যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰা মোবাইল ফোনত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ আপত্তিজনক বহু ফটো আৰু ভিডিঅ’ ।
