নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্ত্বশাসিত)ৰ অধ্যাপকৰ বিৰুদ্ধে কালি উত্থাপিত হৈছিল গুৰুতৰ নিৰ্যাতনৰ অভিযোগ। মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপক ড° হেমন্ত শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈছিল এই অভিযোগ ৷
কালি নিশাই লখিমপুৰ আৰক্ষীয়ে আটক কৰিছিল অভিযুক্ত অধ্যাপক ড°হেমন্ত শৰ্ম্মাক ৷ ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত ড°হেমন্ত শৰ্ম্মাক লখিমপুৰৰ আৰক্ষীয়ে নিজ ঘৰৰ পৰা আটক কৰিছিল। আৰু অৱশেষত গ্ৰেপ্তাৰ হ’ল নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যাপক ড° হেমন্ত শৰ্মা ৷ ইতিমধ্যে, লখিমপুৰ সদৰ থানাত পঞ্জীয়ন হৈছে গোচৰ ৷ ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪/৩৫৪(এ)ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে অধ্যাপক ড° হেমন্ত শৰ্মাক ৷
উল্লেখযোগ্য যে, অসমীয়া বিভাগৰ কেইবাগৰাকী ছাত্ৰীৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভুক্তভোগী ছাত্ৰীয়ে ৷ কলেজ কতৃপক্ষই এই বিষয়ে উপায়ুক্তৰ জৰিয়তে অৱগত কৰিছিল লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক ৷