চলন্ত গাড়ীত কণী মাৰি ডকাইতে লুটিলে নগদ ধনসহ মোবাইল ফোন



 চিনেমা কায়দাৰে চলন্ত গাড়ীত কণী মাৰি ডুমডুমা- কাকপথাৰ ৰঙাজান বাইপাছত ডকাইতি কাণ্ড। ডকাইতে লুটিলে নগদ ধনসহ এটা মোবাইল ফোন।

কাকপথাৰৰ পৱন ডেকা নামৰ যুৱকজনে AS 06 J 1542 নম্বৰৰ ছেভ্ৰলেট গাড়ীৰে ডিগবৈৰ পৰা কাকপথাৰ দিশে আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।

ডকাইৰ দলটোৱে যুৱকজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰে। নম্বৰ প্লেটবিহীন পালচাৰ মটৰচাইকেলত অহা ৩ জনীয়া ডকাইতৰ দলে সংঘটিত কৰে এই ঘটনা।ঘটনাস্থলীত উপস্থিত হৈ ডুমডুমা-কাকপথাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।


Post a Comment

Previous Post Next Post