জুৰীয়াত কবিৰাজক মৰিয়াই মৰিয়াই হত্যা কৰিলে একাংশ দুৰ্বৃত্তই। অঞ্চলটোৰ জনপ্ৰিয়
কবিৰাজ মাইনুল হকক হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে।
জুৰীয়াৰ তিনিচুকীয়া গাঁৱত এই হত্যাকাণ্ড সংঘটিত হয়। আব্দুল গণি নামৰ এগৰাকী লোকৰ ঘৰত বেজালি কৰিবলৈ আহিছিল মাইনুল হকে। কিন্তু একাংশ দুৰ্বৃত্তই বেয়াকৈ প্ৰহাৰ কৰে মাইনুল হকক। প্ৰহাৰত মৃত্যুমুখত পৰে হক।
মৃত মাইনুল হকৰ ঘৰ জুৰীয়াৰ তাৰাবাৰী গাঁৱত। কবিৰাজজনৰ মৃত্যুক কেন্দ্ৰ কৰি জুৰীয়াত উত্তেজনা বিৰাজ কৰে। ঘটনাস্থলীত জুৰীয়া আৰক্ষীৰ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।