২০ জুনত প্ৰকাশ পোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ শুনানি ল’লে নিৰ্বাচন আয়োগে ৷ বুধবাৰৰ পৰা তিনিদিন ধৰি শুনানি গ্ৰহণ কৰিলে নিৰ্বাচন আয়োগে ৷ তিনি দিনত ১২ শ ওজৰ আপত্তিত ৬ হাজাৰ লোকৰ অংশ ৷ লগতে ২০ টা ৰাজনৈতিক দলে অংশ ললে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ শুনানিত ৷
প্ৰথম দিনটোৰ পৰা শেষলৈ বিভিন্ন ৰাজনৈতিক দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজত দেখা গল ক্ষোভ অসন্তুষ্টি প্ৰতিবাদ ৷ বিশেষকৈ বড়োভূমিৰ অধিক আসন সংৰক্ষণ, বৰাকত আসন বৃদ্ধিকে প্ৰমুখ্য কৰি উজনিত কৰ্তন কৰা দুই সমষ্টি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ বাকী দুটা দিনৰ তুলনাত অন্তিত দিনটোত দেখা গল অধিক প্ৰতিবাদ ৷ বিশেষকৈ আহোমৰ হাতত থকা সমষ্টি কাঢ়ি নিয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আহোম দল সংগঠনে ৷ একেদৰে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিটিয়ে প্ৰকাশ কৰা খচৰাৰ বিৰুদ্ধে কয় ৷ কিয়নো প্ৰকাশ কৰা খচৰা অসমীয়া খিলঞ্জীয়াৰ বাবে নহয় বিপৰীতে এই খচৰা হিন্দু মুছলমানৰ খচৰা। একেদৰে হিন্দু বাংলাদেশীক সুৰক্ষা দিয়াৰ বাবে এনে খচৰা প্ৰস্তুত কৰা বুলি দাবী ৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অশোক সিংঘালৰ শ্ৰুতলিপিত এনে খচৰা প্ৰস্তুত কৰা বুলি অভিযোগ উত্থাপন কৰে ৷