হৰিনামৰ ধ্বনিত যেন বৈকুন্ঠপুৰীলৈ পৰিণত হৈছে নলবাৰী ! হৰিনামেৰে মুখৰিত হৈ পৰিছে নলবাৰীৰ মাজমজিয়াতে থকা হৰিমন্দিৰৰ বাকৰি। পিছে এয়া কোনো ধৰ্মীয় অনুষ্ঠান নহয়। নলবাৰীত অনুষ্ঠিত হৈছে দিহানামৰ কৰ্মশালাহে। নলবাৰীৰ হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰ্মশালাত অংশ লৈছে ২৬০০ আয়তীয়ে। বিভিন্ন প্ৰান্তৰ পৰা অহা আয়তীয়ে অংশ লৈছে এই কৰ্মশালাত। হৰিনামেৰে মুখৰিত হৈ পৰিছে নলবাৰীৰ হৰিমন্দিৰ প্ৰাংগণ।
নলবাৰী জিলা দিহানাম সমিতিৰ উদ্যোগত নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰিমন্দিৰত অনুষ্ঠিত হৈছে চাৰিদিনীয়াকৈ দিহানামৰ কৰ্মশালা। দিহানামক শুদ্ধ ৰূপত উপস্থাপন কৰাৰ উদ্দেশ্যে উক্ত কৰ্মশালাৰ আয়োজন কৰা হৈছে। ইফালে দিহানামেৰে এতিয়া মুখৰিত হৈ পৰিছে ঐতিহ্যমণ্ডিত নলবাৰী হৰিমন্দিৰ। কৰ্মশালাখনিত জিলাখনৰ ভিন্ন প্ৰান্তৰ ২৬০০ গৰাকী আয়তীয়ে অংশ লৈছে। এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে দিহানামৰ জনপ্ৰিয় শিল্পী বাণী পাঠককে ধৰি কেইবাগৰাকীও প্ৰশিক্ষকে।
আনহাতে দিহানামক গীনিজ বুকত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰাৰ কথা উল্লেখ কৰে উদ্যোক্তাই। এককথাত ঢোল-খোলৰ শব্দৰ সৈতে হৰিনামত বুৰ গৈছে হৰিমন্দিৰ। ১৮ জুলাইৰ পৰা আৰম্ভ হোৱা কৰ্মশালাখনিৰ ২১ জুলাইত সামৰণি পৰিব। জিলাখনৰ পৰা যথেষ্ট আয়তীয়ে দিহানামৰ প্ৰতি আকৃষ্ট হৈ অংশগ্ৰহণ কৰাত আয়োজক সকল উৎফুল্লিত হৈ পৰে। একেদিনাই একেটা স্থানতেই ২৬০০ আয়তীয়ে এটাৰ পিছত আন এটা দিহানাম পৰিবেশন কৰে।
দিহানাম শুদ্ধ ৰূপত উপস্থাপন কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে নলবাৰী জিলা দিহানাম সমিতিয়ে। এইধৰণৰ কৰ্মশালাৰ জৰিয়তে দিহানামৰ বিভিন্ন ধৰণৰ ভুল ত্ৰুটি আয়তীসকলক শুধৰোৱাৰ প্ৰয়াস কৰা হৈছে। এই কৰ্মশালাত অভিজ্ঞসম্পন্ন ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। কৰ্মশালাত ২৬০০ মহিলাই অংশগ্ৰহণ কৰা বিষয়টোৱেই এতিয়া চৰ্চা লাভ কৰিছে। এইক্ষেত্ৰত নলবাৰী জিলা দিহানাম সমিতিয়েও পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা আয়তীয়ে অংশগ্ৰহণ কৰিছে।