গিৰিয়েকক জয়পুৰলৈ যাম বুলি কৈ ওলাই গৈছিল, ফেচবুক প্ৰেমিকক লগ ধৰিবলৈ পাকিস্তান পালেগৈ মহিলা



 সীমা হাইদৰ কাণ্ডই দেশজুৰি চৰ্চা লাভ কৰাৰ সময়তে আন এক অনুৰূপ ঘটনা পোহৰলৈ আহিছে। এই ঘটনাটো সংঘটিত হৈছে ৰাজস্থানত (Rajasthan News)। ৰাজস্থানৰ অলৱাৰৰ বাসিন্দা ৩৪ বছৰীয়া অঞ্জু নামৰ এগৰাকী মহিলাই গিৰিয়েকক জয়পুৰলৈ (Jaipur) যাম বুলি কৈ পাকিস্তানৰ প্ৰেমিকৰ ঘৰ পালেগৈ। ফেচবুক প্ৰেমিকক লগ ধৰিবলৈ বৈৰা পাকিস্তানৰ ভূমিত পদাৰ্পণ কৰিলে ভাৰতীয় মহিলাগৰাকীয়ে।

পাকিস্তানৰ খাইবাৰ পাখকুনখাৰ নাছৰুল্লাৰ ঘৰ পালেগৈ অঞ্জু নামৰ মহিলাগৰাকী। এই মহিলাগৰাকী বৰ্তমান খাইবাৰ পাখকুনখাৰ আপাৰ দিৰ জিলাত আছে। সামী হাইদৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বিপৰীতে ৩৬ বছৰীয়া অঞ্জুৱে ৱাঘা সীমান্তেৰে বৈধভাৱে প্ৰৱেশ কৰে পাকিস্তানত। অঞ্জুক পাকিস্তান আৰক্ষীয়ে আটক কৰিছিল যদিও সকলো নথি-পত্ৰ থকাত এৰি দিয়ে।

বিগত কেইবামাহ ধৰি অনলাইনত বাৰ্তালাপ কৰিছিল অঞ্জু আৰু নাছৰুল্লাই। ইয়াৰ পূৰ্বেও কেইবাবাৰো পাকিস্তানলৈ গৈছিল অঞ্জু। এইবাৰ বিয়া পতাৰ উদ্দেশ্যৰে পলাই যায় মহিলাগৰাকী।অঞ্জুৰ স্বামীয়ে জনোৱা মতে, বৃহস্পতিবাৰে জয়পুৰলৈ যাম বুলি ঘৰৰ পৰা ওলাই গৈছিল। স্বামীক ফাকি দি ফেচবুকত লগ পোৱা প্ৰেমিকাৰ ওচৰ পালেগৈ মহিলাগৰাকী। সংবাদ মাধ্যমত এই কথা পোহৰলৈ অহাৰ পিছতে ৰাজস্থান আৰক্ষীৰ এটা দল মহিলাগৰাকীৰ ভিৱাডীৰ ঘৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

অঞ্জুৰ এটি ১৫ বছৰীয়া কন্যা সন্তান আৰু এটি ৬ বছৰীয়া পুত্ৰ সন্তান আছে। ঘটনা সন্দৰ্ভত এতিয়ালৈ পৰিয়ালৰ ফালৰ পৰা আৰক্ষীক কোনো অভিযোগ দাখিল কৰা হোৱা নাই।

Post a Comment

Previous Post Next Post