ৰাজ্যৰ এগৰাকী সাংসদ আৰু এগৰাকী বিধায়ক সন্ধানহীন!


 

মহানগৰীৰ পৰা হঠাৎ সন্ধানহীন ৰাজ্যৰ এগৰাকী সাংসদ আৰু এগৰাকী বিধায়ক৷ দুয়োগৰাকীৰে সন্ধান বিচাৰি গুৱাহাটীৰ সিজুবাৰী পথত লগোৱা হৈছে পোষ্টাৰ৷ সিজুবাৰীৰ পথৰ দুয়োকাষে লগোৱা হৈছে এই পোষ্টাৰ ৷

পোষ্টাৰ দেখি ৰৈ ৰৈ চাবলগীয়া হৈছে পথচাৰী, বাইক আৰোহী ৷ আচলতে এয়া কোনো সংগঠনৰ সাংসদ কুইন ওজা আৰু বিধায়ক অতুল বৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী বুলিয়ে ধাৰণা কৰা হৈছে। কিন্তু পোষ্টাৰবোৰত নাই কোনো দল বা সংগঠনৰ নাম।

জানিব পৰা মতে, সিজুবাৰী মূল পথত বছৰৰ বাৰ মাহে পানীৰ তলত থাকে ৷ অভিজাত গুৱাহাটী মহানগৰীৰ পথটো এজাক বৰষুণ দিলে কি অৱস্থা হয় সেই কথা কোৱাৰ প্ৰয়োজন নাই ৷ পথটোৰ এই সমস্যাৰ কথা ইতিমধ্যে বহুবাৰ অৱগত কৰিছে গুৱাহাটী সাংসদ কুইন ওজা আৰু দিছপুৰৰ বিধায়ক অতুল বৰাক ৷ পিছে, দুই জনপ্ৰতিনিধিক কৰা বহু দাবী–আহ্বানৰ পিছতো আজিপৰ্যন্ত নহ’ল পথটোৰ উন্নয়ন৷ যাৰ বাবে দুই জনপ্ৰতিনিধিৰ ফটো সম্বলিত পোষ্টাৰ দেৱালত লগাই এইদৰেই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে কোনোৱে৷পিছে, জনতাৰ এই প্ৰতিবাদক গুৱাহাটীৰ সাংসদ কুইনৰ ওজাই নিৰ্বাচনী প্ৰচাৰ বুলি আখ্যা দিলে৷ লোকনিৰ্মাণ বিভাগৰ অধীনত থকা পথটোৰ দায়িত্ব গুৱাহাটীৰ সাংসদৰ নহয়৷ ইয়াৰ উপৰি বৃহৎ সমষ্টিটোৰ প্ৰতিটো প্ৰান্তত এগৰাকী সাংসদে সময়ে সময়ে যোৱা সম্ভৱ নহয় বুলিও দাবী কৰে সাংসদ গৰাকীয়ে৷অৱশ্যে বিধায়ক অতুল বৰাই এইপৰ্যন্ত কৰা নাই কোনো মন্তব্য৷ এতিয়া প্ৰশ্ন হৈছে, জনতাৰ কিমান ক্ষোভ অসন্তুষ্টি হ’লে এগৰাকী জনপ্ৰতিনিধিক নিৰুদ্দেশ ঘোষণা কৰিব পাৰে সেই কথা বুজিবনে দিছপুৰৰ বিধায়ক অতুল বৰা আৰু গুৱাহাটী সাংসদ কুইন ওজাই!

Post a Comment

Previous Post Next Post