পৃথিৱীৰ প্ৰায় সকলো জাতি-জনগোষ্ঠীৰে অতীত সংগ্ৰামৰ কথা ইতিহাসত হয়তো লিখিত ভাৱে নাইবা মুখে মুখে চলি অহা কিছুমান কথাৰ পৰাই জানিব পাৰি ৷ সেই অতীত সংগ্ৰামৰ উমান পোৱা যায় ৷ অসমৰ কাৰ্বি আংলঙৰ কাৰ্বি জনজাতিৰ তেনে ইতিহাস লিখিত ভাৱে পোৱা নাযায় যদিও বহু কাৰ্বি লোককথা বা লোকগীতৰ পৰাই এই বিষয়ে জানিব পাৰি ৷ বিশ্বাস আছে যে কাৰ্বিসকলৰ বাবে যেতিয়া বিপদৰ আশংকাই দেখা দিয়ে তেতিয়া জাতিটো ৰক্ষা কৰিবলৈ একোজন বীৰৰ জন্ম হয় ।
শতিকাজুৰি চলি অহা কাৰ্বি বিশ্বাস অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ সময়ছোৱাত কাৰ্বি জনগোষ্ঠী এটা বিপদ সন্মূখীন হৈছিল । সেই সময়ত বৃহৎ ৱমো বেংতাৰলক (ঈগল) এযোৰে কাৰ্বিসকলৰ বাবে বিপদৰ সৃষ্টি কৰিছিল । লোকবিশ্বাস মতে এই ঈগল দুটা চেলেং নামৰ ওখ শিল এটাত বাহ সাজিছিল । কাৰ্বিক অত্যাচাৰ কৰা ঈগলযোৰক দমন কৰিবলৈ ছিৰ’ টকবিৰ জন্ম হৈছিল বুলি কোৱা হয় । তেওঁক কাৰ্বি জনজাতীয় অন্যতম নায়ক বুলি আজিও জনা যায় ।ইয়াৰ পূৰ্বেও ঈগলে গাঁৱত বসবাস কৰা লোকসকলক আক্ৰমণ কৰিছিল । শিশু, যুৱক, প্ৰাপ্তবয়স্ক কোনোৱেই সেই সময়ত সুৰক্ষিত নাছিল । প্ৰায়ে গাঁৱৰ মানুহ আৰু আনকি কেতিয়াবা ঘৰচীয়া জীৱ-জন্তু যেনে চৰাই, ছাগলী, গৰু আদিও হত্যা কৰিছিল । সেয়ে এদিন ছিৰ’ টকবিয়ে ঈগলৰ সৈতে মুখামুখি হোৱাৰ সিদ্ধান্ত লয় আৰু সেই অনুসৰি তেওঁ ঈগলে বাহ সাজি থকা বিশাল শিলটোৰ ওপৰলৈ উঠি যায় ।