পৰিৱেশতন্ত্ৰ বৰ্তাই ৰাখিবলৈ কাজিৰঙাত বান জৰুৰীঃ কোনে ক'লে এই কথা



 শেহতীয়া বান পৰিস্থিতিৰ পিছত ক্ৰমে স্বাভাৱিক অৱস্থালৈ আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ ৷ অৱশ্যে কিছু সংখ্যক বন্যজন্তু বৰ্তমানেও আশ্ৰয় লৈ আছে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া এলেকাত ৷ আনহাতে ৰাষ্ট্ৰীয় উদ্যানৰ সীমাত নিম্নগামী হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ কিন্তু প্ৰয়োজন অনুপাতে ৰাষ্ট্ৰীয় উদ্যানখনত বানৰ প্ৰভাৱ নপৰিল ৷

কিয়নো বানৰ প্ৰভাৱত ৰাষ্ট্ৰীয় উদ্যানখনৰ একাংশ বন্যজন্তুৰ ক্ষতিসাধন হয় যদিও পৰিৱেশতন্ত্ৰ বৰ্তাই ৰাখিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনত বানৰ প্ৰয়োজনীয়তা থাকে ৷ উদ্যানখনৰ গৱেষণা বিষয়া ৰবীন শৰ্মাই ক’লে কাজিৰঙাৰ বাবে বছেৰেকীয়া বান এক অবিচ্ছেদ্য অংগ ৷ ইফালে অগৰাতলী বনাঞ্চলক সৰ্বাধিক ক্ষতি কৰিলে চলিত বানে ৷


বানত ৯০ শতাংশ বুৰ যোৱা বনাঞ্চলখনৰ ৩২ টা বন শিবিৰৰ ২৫ টাতে সোমাল বাঢ়নী পানী ৷ বহুকেইটা বন শিবিৰৰ লগতে নষ্ট হৈছে পেট্ৰ’লিং পথ ৷ পানী কিছু কমিছে যদিও বৰ্তমানেও বনাঞ্চলখনৰ ৫ টা বনশিবিৰ জলমগ্ন। বন্যজন্তুসমূহ হাইলেণ্ড অথবা ওখ স্থানত আশ্ৰয় লোৱাৰ বিপৰীতে ঠায়ে ঠায়ে দেখা দিছে খাদ্য সংকটে ৷

কিয়নো বৰ্তমানেও জলমগ্ন বনাঞ্চলখনৰ তৃণভোজী প্ৰাণীৰ বিচৰণভূমি ৷ বৰ্তমানলৈকে বনাঞ্চলখনৰ পৰা বন্যজন্তু মৃত্যুৰ খবৰ নাই যদিও পানী কমাৰ পাছত বন্যজন্তুৰ মৃত্যুৰ তথ্য প্ৰকাশ হ’ব বুলি জনাইছে বনাঞ্চলখনৰ বনাঞ্চলিক বিষয়াই ৷

Post a Comment

Previous Post Next Post