যোৰহাট আৰক্ষীক চেলেঞ্জ কৰি এটা দুঃসাহসী প্ৰৱঞ্চকৰ দলে নিজকে সদৰ থানাৰ আৰক্ষী বিষয়া বুলি পৰিচয় দি এজন লোকক ব্লেকমেইল কৰাৰ বাতৰিয়ে কিছুদিন পূৰ্বে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আৰক্ষী বিষয়াৰ নাম লৈ এজন লোকে বাৰম্বাৰ ফোন কৰি ভাবুকি দি অৱস্থা কাহিল কৰি তুলিছিল যোৰহাটৰ ৰাকেশ নামৰ এজন যুৱকৰ। যুৱকজনৰ এটা নাৰী নিৰ্যাতনৰ গোচৰ যোৰহাট সদৰ থানাত ৰুজু হৈ আছে বুলি উল্লেখ কৰি সেই গোচৰৰ মিলা মিচা কৰিবলৈ ফোনযোগে মাতি একপ্ৰকাৰ ভাবুকি প্ৰদান কৰি আহিছিল এই ভুৱা আৰক্ষী বিষয়াগৰাকীয়ে। অৱশেষত ৰাকেশে এই ভুৱা আৰক্ষীৰ ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু আপুনি জানি আচৰিত হ’ব যে বহু দিনলৈকে খোদ আৰক্ষীৰে সন্মানত আঘাত হনা এই ঘটনাৰ গোচৰেই ৰুজু নকৰিলে যোৰহাট আৰক্ষীয়ে।
এজাহাৰ দিয়াৰ পৰা প্ৰায় দহদিন পৰ্যন্ত এই সন্দৰ্ভত গোচৰ ৰুজু নকৰাৰ কথা পোহৰলৈ আহে ভুক্তভোগী যুৱকজনে তদন্ত সন্দৰ্ভত আৰক্ষী চকীলৈ খবৰ ল’বলৈ যোৱাৰ সময়ত। ইয়াৰ পিছতে এই সন্দৰ্ভত উচ্চপদস্থ আৰক্ষী বিষয়াক অৱগত কৰাত জালুকনিবাৰী আৰক্ষী চকীত হুৱাদুৱা লাগে আৰু তাৎক্ষণিকভাৱে ভাবুকি প্ৰদান কৰি অহা উক্ত মোবাইল নম্বৰৰ গৰাকীক আৰক্ষীয়ে আটক কৰে।কিন্তু ইয়াৰ পিছতে পোহৰলৈ আহে প্ৰৱঞ্চক চক্ৰৰ এক ভয়ংকৰ কাণ্ড। কাৰণ আৰক্ষীয়ে আটক কৰা লোকজনে জানিবলৈ দিয়া মতে, তেওঁৰ অজ্ঞাতে তেওঁৰ নাম, ঠিকনাৰ তথ্য ব্যৱহাৰ কৰি দুষ্টচক্ৰই উলিয়াই লৈছিল এই ছিম কাৰ্ডখন। আৰু এই ছিম কাৰ্ডৰ জৰিয়তে দুষ্টচক্ৰই ২৮ জুনৰ পৰা ফোন আৰু মেছেজৰ জৰিয়তে যুৱকজনক ভাবুকি দি গোচৰ নিষ্পত্তিৰ বাবে থানালৈ মাতি আছিল।
অৰ্থাৎ প্ৰৱঞ্চকৰ দলটোৱে ব্যৱহাৰ কৰি থকা ছিমকাৰ্ডখন বেলেগ ব্যক্তিৰ নামত ভুৱাকৈ উলিওৱা হৈছে বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও ২৩ জুলাই পৰ্যন্ত ছিমকাৰ্ডখনৰ সন্দৰ্ভত বিশেষ তথ্য আহৰণ কৰিবলৈ সক্ষম হোৱা নাই। এই ছিমকাৰ্ডখন কোনে, কেতিয়া উলিয়াইছিল সেয়া স্পষ্ট হোৱাৰ পিছতে এই ঘটনাৰ বহু তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।