যশস্বী কণ্ঠশিল্পী সুদক্ষিণ শৰ্মাই দান কৰি গ'ল নিজৰ মৰণোত্তৰ দেহো



 অসমীয়া সংগীত জগতত দীৰ্ঘপৰিক্ৰমাৰে বিশেষ অৱদান আগবঢ়োৱা যশস্বী কণ্ঠশিল্পী সুদক্ষিণ শৰ্মাৰ বিয়োগত ৰাজ্যবাসী ম্ৰিয়মাণ। আজীৱন মানৱতাৰ হকে কণ্ঠ নিগৰোৱা কণ্ঠশিল্পীগৰাকীয়ে দান কৰি গ’ল মৰণোত্তৰ দেহো।

ইলোৰা বিজ্ঞান মঞ্চৰৰ জৰিয়তে সুদক্ষিণা শৰ্মাই মৰণোত্তৰ অংগদানৰ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰিছিল। ইলোৰা বিজ্ঞান মঞ্চৰ উপসভাপতি ইছফাকুৰ ৰহমানে জনোৱা মতে, শৰ্মাই বিজ্ঞান মঞ্চৰ বিভিন্ন অনুষ্ঠানত বিজ্ঞান মনস্কতাক লৈ বক্তৃতাও দিছিল।

সুদক্ষিণা শৰ্মাৰ ইচ্ছাৰ প্ৰতি সন্মান জনায় আজি তেওঁৰ চকুযুৰি গ্ৰহণ কৰা হয়। এই কাৰ্যৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি অভিজিৎ শৰ্মাই কয় যে বিশিষ্ট  কণ্ঠশিল্পীগৰাকীৰ এই কাৰ্যৰ দ্বাৰা দুজন কৰ্ণিয়াজাত অন্ধ মানুহে পৃথিৱীৰ পোহৰ দেখিবলৈ সক্ষম হ’ব।

সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সুদক্ষিণা শৰ্মা (Sudakshina Sharma)ৰ মৃতদেহ শৰণীয়াৰ ঘৰলৈ অনা হৈছে। ইয়াৰ পিছত তেওঁৰ মৰণোত্তৰ দেহ হাস্পতালখনে গ্ৰহণ কৰিব।

Post a Comment

Previous Post Next Post