প্ৰধানমন্ত্ৰীৰ ঘৰৰ ওপৰত হঠাৎ উৰি আহিল ড্ৰোণ! পুৱাই দিল্লীত চাঞ্চল্য, আৰক্ষীৰ তদন্ত আৰম্ভ


 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৱাসভৱনৰ ওপৰত দেখা গ’ল সন্দেহজনক ড্ৰোণ। এই ঘটনাক লৈ স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰীৰ বাসভৱন চৌহদ ন’ ফ্লায়িং জোন হিচাপে চিহ্নিত। ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, সোমবাৰে পুৱা ৫ বজাত প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওপৰত ড্ৰোণ উৰাৰ খবৰ আহে দিল্লী আৰক্ষীলৈ। প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ নিৰাপত্তাৰ দায়িত্বত থকা এছপিজিৰ ফালৰ পৰা দিল্লী আৰক্ষীক ড্ৰোণ উৰাৰ খবৰ দিয়া হয়। ইয়াৰ পিছতে নৰেন্দ্ৰ মোদীৰ বাসভৱনত উপস্থিত হয় দিল্লী আৰক্ষী।


দিল্লী আৰক্ষীৰ ফালৰ পৰা বিবৃতিত জনোৱা হৈছে, ‘প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওপৰত নো ফ্লায়িং জোনত এখন ড্ৰোণ উৰাৰ খবৰ লাভ কৰিছো। এছপিজিয়ে পুৱা চাৰে ৫ বজাত এই খবৰ দিয়ে। তদন্ত অব্যাহত আছে।’

আৰক্ষীৰ ফালৰ পৰা অৱশ্যে জনোৱা হৈছে, খবৰ পোৱাৰ পিছতে প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ আশেপাশে তালাচী অভিযান চলোৱা হৈছে। কিন্তু ড্ৰোণজাতীয় কোনো সামগ্ৰী পোৱা নাই। দিল্লী বিমানবন্দৰৰ এয়াৰ ট্ৰাফিক কন্ট্রোলৰ সৈতেও যোগাযোগ কৰা হয়। কিন্তু তেওঁলোকেও প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপত কোনো উৰন্ত সামগ্ৰী চিহ্নিত কৰিব পৰা নাই।

নতুন দিল্লীৰ ৭নং লোকমাৰ্গত প্ৰধানমন্ত্ৰীৰ বাসভৱন। প্ৰধানমন্ত্ৰীৰ এই বাসভৱনৰ নাম পঞ্চবতী। তাত সাধাৰণ মানুহৰ প্ৰৱেশ নিষিদ্ধ।

Post a Comment

Previous Post Next Post