ব্ৰিটিছৰ দিনতে স্থাপন হোৱা ঐতিহ্যমণ্ডিত মাজুলী আৰক্ষী থানাই অতিক্ৰম কৰিলে শতবৰ্ষ


 

ব্ৰিটিছ শাসনকালত মাজুলীৰ কমলাবাৰীত ১৯২৩ চনৰ ৩ জুলাইত প্ৰতিষ্ঠা লাভ কৰা মাজুলীৰ প্ৰথমখন আৰক্ষী থানাই অতিক্ৰম কৰিলে ১০০ বছৰ। ১৮৯৭ চনত মাজুলীৰ টুনী ঘাটৰ সমীপত ইংৰাজৰ শাসনকালত প্ৰথমখন থানা প্ৰতিষ্ঠাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।১৯২৩ চনৰ ২ জুলাই তাৰিখে মাজুলী ৰাজহ চক্ৰই সীমা নিৰ্ধাৰণ কৰি ১৯২৩ চনৰ ৩ জুলাই তাৰিখৰ পৰা থানা খনৰ কাম সক্ৰিয়তাৰে আৰম্ভ কৰিছিল।

মাজুলীৰ শান্তি–শৃংখলাৰ দিশত এক অনন্য মাত্ৰা প্ৰদান কৰি আৰম্ভ হৈছিল মাজুলী আৰক্ষী থানা। আজি ২০২৩ চনৰ ৩ জুলাইত মাজুলী আৰক্ষী থানাই গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত উৎসাহপূৰ্ণভাৱে উদযাপন কৰিছে গৌৰৱোজ্জ্বল শতবৰ্ষ অনুষ্ঠান।

তাহানিৰ দিনত যাতায়াত-যোগাযোগ বিচ্ছিন্ন মাজুলীৰ একমাত্ৰ থানা হিচাপে মাজুলীৰ আইন-শৃংখলাৰ কাৰ্যত ব্ৰতী হৈ পৰা আৰক্ষীৰ সেৱা আছিল সঁচাকৈয়ে অতুলনীয়। মাজুলী থানাৰ প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈকে থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনী আৰু আৰক্ষী বাহিনীয়ে নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব পালনৰে  থানাৰ ঐতিহ্য বৰ্তাই ৰখাত সহযোগিতা  আগবঢ়াই আহিছে ৷

ঐতিহাসিক ১০০ বছৰ পূৰ্ণ উপলক্ষে মাজুলী আৰক্ষী থানাৰ আৰক্ষী আৰু গাঁওৰক্ষী বাহিনী উদ্যোগত ৰাইজৰ পূৰ্ণ সহযোগিতাৰে আজি দিনজোৰা কাৰ্যসূচীৰে “শতবৰ্ষ দিন“ উদযাপনৰ এক বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰিছে৷ মাজুলী জিলাৰ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে পুৱা ৭.৩০বজাত বৃক্ষ ৰোপণ, বিশিষ্ট সমাজ কৰ্মী তথা মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আনন্দ হাজৰিকাই ধৰ্মধ্বজা  উত্তোলন কৰাৰ পিছত থানা চৌহদত নিৰ্মাণ কৰা অস্থায়ী মঞ্চত পুৱা ১০ বজাৰ পৰা নাম-প্ৰসংগ অনুষ্ঠিত হয়।সন্ধিয়া ৫ বজাত জিলাৰ উপ-আৰক্ষী অধীক্ষক পদ্ম পেগুৱে আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কৰাৰ পিছত  থানাৰ লগত ওতঃপোতভাৱে জড়িত হৈ নিষ্ঠাৰে সেৱা আগবঢ়োৱা বিশিষ্ট ব্যক্তি আৰু প্ৰতিষ্ঠা কালৰ প্ৰথমগৰাকী আৰক্ষী বিষয়া প্ৰয়াত সোমেশ্বৰ  চুতীয়াৰ পৰিয়ালক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাব৷

নিশা  ৮ বজাত ৰাজগুৰু বাৰী শংকৰ মাধৱ নাট্য গোষ্ঠীৰ শিল্পী সকলৰ দ্বাৰা প্ৰদশৰ্ন  হ’ব লগীয়া ‘নৃসিংহ মুৰাৰী’ ভাওনা মাজুলী জিলাৰ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব। ঐতিহ্যবাহী মাজুলী আৰক্ষী থানাৰ গৌৰৱোজ্জ্বল শতবৰ্ষ অনুষ্ঠানত আয়োজক সমিতিয়ে ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰিছে ।

Post a Comment

Previous Post Next Post