ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন দাম জাৰি, বাঢ়িল নে কমিল চিলিণ্ডাৰৰ দাম?



  ১ জুলাই অৰ্থাৎ আজি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন দাম জাৰি কৰা হৈছে। ইণ্ডিয়ান অইলৰ ৱেবছাইট মতে, ১৪.২ কিলোগ্ৰামৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু ১৯ কিলোগ্ৰামৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ দামৰ কোনো সালসলনি কৰা হোৱা নাই। দেশৰ ৰাজধানী নতুন দিল্লীত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ১১০৩ টকা আৰু কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম ১৭৭৩ টকা।

ইয়াৰ উপৰি, দেশৰ আৰ্থিক ৰাজধানী মুম্বাইত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ১১০২.৫০ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৭২৫ টকা হৈ আছে। কলকাতাত ঘৰুৱা ৰন্ধন গেছৰ দাম ১১২৯ টকা স্থিৰ হৈ আছে। আনহাতে বাণিজ্যিক ব্যৱহাৰ্য চিলিণ্ডাৰৰ দাম ১৮৭৫.৫০ টকা। ইণ্ডিয়ান অইলৰ ৱেবছাইটৰ মতে, চেন্নাইত এলপিজি চিলিণ্ডাৰৰ দাম ১১১৮.৫০ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৯৩৭ টকাত বিক্ৰী হৈ আছে।

ইফালে গুৱাহাটীত বৰ্তমান ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ১১৫২ টকা। কোনোধৰণৰ সালসলনি ঘটোৱা হোৱা নাই চিলিণ্ডাৰৰ দামত। উল্লেখযোগ্য যে জুন মাহত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৮৩ টকা হ্ৰাস পাইছিল। আনহাতে, মে’ মাহত বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছিল। বিগত কেইটামান মাহত ৰন্ধন গেছৰ দামৰ কোনো সালসলনি হোৱা নাই। মাৰ্চত চিলি্ডাৰৰ দাম ৫০ টকা বৃদ্ধি হৈছিল।

Post a Comment

Previous Post Next Post