মহানগৰীত সুৰক্ষিত নহয় যুৱতী–মহিলা! পুনৰ এক চাঞ্চল্যকৰ ঘটনা


 

মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা৷ নিশাৰ ৰাজপথত এগৰাকী মহিলাক আক্ৰমণ কৰি কাঢ়ি নিলে ধন৷ মহানগৰীৰ নুনমাটিৰ চূনচালিৰ শিৱ মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা৷ মহিলাগৰাকী পথেৰে গৈ থকাৰ সময়তে এজন যুৱকে মহিলাগৰাকীক আক্ৰমণ কৰি কাঢ়ি নিয়ে নগদ ধন। মহিলাগৰাকীক চোকা অস্ত্ৰৰে হাতত আক্ৰমণ কৰি দুৰ্বৃত্তই কাঢ়ি নিয়ে ধন। আক্ৰমণকাৰী যুৱকজন চূণচালিৰ ধৰমবীৰ যাদৱ বুলি জানিব পৰা গৈছে।

ভুক্তভোগী মহিলাগৰাকী চূণচালিৰ বাসিন্দা সূমিত্ৰা দেৱী। ইতিমধ্যে ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে নিশা নুনমাটি থানাত দাখিল কৰিছে এখন এজাহাৰ। এই ঘটনাই পুনৰ প্ৰমাণ কৰিছে যে মহানগৰীত এতিয়াও সুৰক্ষিত নহয় যুৱতী–মহিলা।

Post a Comment

Previous Post Next Post