এতিয়াও সন্ধান নাই ঘগ্ৰাপাৰ থানাৰ চাকৰিৰ পৰা বৰ্খাস্ত হোৱা OC বিমান ৰয়ৰ। বৃহস্পতিবাৰে আবেলিৰ পৰা পলাতক হৈ আছে আৰক্ষী বিষয়াগৰাকী। ৪০ ঘণ্টা অতিক্ৰম কৰাৰ পিছতো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে। বৃহস্পতিবাৰে থানাত তদন্তৰ পিছতে থানাখনৰ পৰা পলায়ন কৰে বিমান ৰয়ে। পলাতক বিমান ৰয়ক বিচাৰি অভিযান অব্যাহত আছে। শুকুৰবাৰে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং উপস্থিত হৈছিল ঘগ্ৰাপাৰ থানাত।
নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ OC বিমান ৰয়ক ইতিমধ্যে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে বৰ্খাস্ত কৰে বিমান ৰয়ক। থানাৰ ভিতৰত কিশোৰীক উলংগ কৰি ফটো সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছিল OC বিমান ৰয়ৰ বিৰুদ্ধে। ঘটনাৰ পিছৰে পৰা বৰ্তমানো OC বিমান চন্দ্ৰ ৰয়ক পলাতক হৈ আছে। বিমান চন্দ্ৰ ৰয়ৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে DGP জি পি সিঙে।উল্লেখযোগ্য যে ২১ জুনৰ নিশা ঘগ্ৰাপাৰ থানাত সংঘটিত হৈছিল এই জঘন্য ঘটনা। ঘটনাক লৈ পকছ’ৰ অধীনতো গোচৰ ৰুজু হৈছিল OC বিমান চন্দ্ৰ ৰয়ৰ বিৰুদ্ধে। সমগ্ৰ ঘটনাটোক অসম আৰক্ষীৰ বাবে অপমানজনক আখ্যা দিছে ডিজিপি জিপি সিঙে। ছচিয়েল মিডিয়াযোগে অসম আৰক্ষীৰ সন্মানত চেকা লাগিব নিদিওঁ বুলি মন্তব্য কৰে ডিজিপি জি পি সিঙে।
