বানৰ বিভিষীকাৰ মাজতেই মূল্যবৃদ্ধিত জুৰুলা হৈছে সাধাৰণ জনতা । গুৱাহাটীৰ বজাৰত শাক-পাচলিৰ দাম শুনিলে চকু কপালত উঠিব আপোনাৰো । ৮০ টকাৰ তলত কোনো পাচলিয়েই আপুনি ক্ৰয় কৰিব নোৱাৰে গুৱাহাটীৰ বজাৰত । প্ৰতিবিধ পাচলিৰে দাম প্ৰতি কেজিত ১০০ টকাৰো অধিক ।
হয়, গুৱাহাটীৰ বজাৰত এতিয়া প্ৰতিকিলো বিলাহীৰ মূল্য ১২০-১৪০ টকা, বিন ১০০-১২০ টকা, লেচেৰা ১০০ৰ পৰা ১২০ টকা, গাজৰ ১০০ টকা, আদা ২০০ টকা, নহৰু ১৬০ টকা, পটল ১১০ৰ পৰা ১৩০ টকা পৰ্যন্ত, ভেন্দি ১০০ৰ পৰা ১২০ টকা, বেঙেনা ৮০ৰ পৰা ১২০টকা, ভাতকেৰেলা ১৩০ টকা, তিয়ঁহ ৯০ৰ পৰা ১০০ টকা । ইয়াৰোপৰি বহু প্ৰান্তত খুচুৰা ব্যৱসায়ীসকলে অধিক দাম লোৱাৰো অভিযোগ উত্থাপন হৈছে । কাৰণ পাচলি উৎপাদনস্থলীত বানপানী ৷
বানপানীৰ বাবে পাচলিৰ দাম বৃদ্ধি ৷ তথাপি কিন্তু কেঁচা পাচলিৰ এনে মূল্যবৃদ্ধি সহজে ল’ব পৰা নাই গ্ৰাহকে ৷ ক’ৰবাত নহয় ক’ৰবাত মূল্যবৃদ্ধিৰ আঁৰৰ ৰহস্যৰ গোন্ধ পাইছে একাংশ গ্ৰাহকে ৷ বহুতৰ মতে বানৰ সুবিধা লৈ ছিণ্ডিকেট লবীয়ে পাচলিৰ ওপৰত চলাইছে ছিণ্ডিকেটৰাজ । পাচলিৰ বজাৰত ছিণ্ডিকেটৰাজ চলাৰ বাবে অধিক বৃদ্ধি হৈছে পাচলিৰ মূল্য ।
চৰকাৰ বা প্ৰশাসনে বজাৰ নিয়ন্ত্ৰণ কৰিব নোৱৰাৰ অভিযোগ তুলিছে বহু গ্ৰাহকে ৷ বহুতে কয় পূৰ্বে এনে দামত সামগ্ৰী ক্ৰয় কৰাৰ নজিৰ নাই ৷ অৱশ্যে মহানগৰীৰ বজাৰতে মাথোন এই মূল্যবৃদ্ধি নহয় ৷ ৰাজ্যৰ প্ৰতিখন বজাৰত একেই ছবি ৷ অত্যধিক মূল্যবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ গ্ৰাহক ৷
সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ ক্ষোভিত হৈ পৰিছে জনতা ৷ অবিশ্বাস্যভাৱে এতিয়া শাক-পাচলিৰ মূল্য বৃদ্ধি পাইছে । সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে শাক-পাচলি ক্ৰয় কৰি খোৱাটো সপোন হৈ পৰিছে ।ইফালে পাচলিৰ এই অভাৱনীয় দামৰ বাবে গুৱাহাটীৰ পাচলিৰ বজাৰত সেৰেঙা গ্ৰাহকৰ ভিৰ । ব্যৱসায়ীৰ মন্তব্য- বানপানীৰ ফলত পাচলিৰ দাম বঢ়াৰ বাবেই সেৰেঙা হৈছে গ্ৰাহক । পিছে ব্যৱসায়ীৰ এই মইমতালিৰ প্ৰতি কানসাৰ নাই সংশ্লিষ্ট বিভাগৰ । চকু মুদা কুলিৰ ভাৱত বিভাগীয় কৰ্তৃপক্ষ ।
