ঈদৰ কুৰবানিক লৈ শিলচৰত দুটা জনগোষ্ঠীৰ মাজত সংঘৰ্ষ । বৃহস্পতিবাৰে পুৱা ঈদৰ নামাজ শান্তিপূৰ্ণভাৱে সমাপ্ত হয় যদিও দুপৰীয়াৰ পিছতে শিলচৰ চহৰৰ গাতে লাগি থকা পঞ্চায়ত ৰোড অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । দুটা সম্প্ৰদায়ৰ একাংশ লোকৰ মাজত প্ৰত্যক্ষ সংঘৰ্ষ হোৱাৰ ফলত একাংশ লোক আহত হোৱাৰ লগতে দুই এখন বাহনো ভাঙি লণ্ডভণ্ড কৰে । পঞ্চায়ত ৰোডৰ জামে মছজিদৰ সন্মুখত সংঘটিত হয় এই ঘটনা ।
ঘটনাৰ তথ্য লাভ কৰি কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তা আৰু দক্ষিণ ৰেঞ্জৰ ডি আই জি কংকনজ্যোতি শইকীয়াই আৰক্ষী আৰু চি আৰ পি এফৰ বৃহৎ বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে । পঞ্চায়ত ৰোডৰ পৰা আৰম্ভ হোৱা উত্তেজনা সমগ্ৰ কলেজ ৰোড এলেকাত বিয়পি পৰে । দুপৰীয়াৰ পৰা আৰম্ভ হৈছিল দুয়োটা সম্প্ৰদায়ৰ মাজত উত্তেজনা ।
পিছত আৰক্ষী আহি সমগ্ৰ পঞ্চায়ত এলেকাৰ পৰা কলেজ ৰোড এলেকালৈ আৰক্ষী মোতায়েন কৰে ।ইফালে কলেজ ৰোড পইণ্টত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে । কিন্তু আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটোৰ দোকান-বজাৰ বন্ধ কৰি প্ৰতিবাদকাৰীসকলক প্ৰতিবাদস্থলী এৰি যাবলৈ বাধ্য কৰে । ঘটনা সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে দুয়োটা গোটৰ মাজত হোৱা সংঘৰ্ষৰ বাবে পৰিস্থিতি কিছু উত্তপ্ত হৈ পৰিছিল ।
কিন্তু জিলা আৰক্ষীয়ে ততাতৈয়াকৈ সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সমগ্ৰ অঞ্চলটোত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে । কোনো ধৰণৰ উৰাবাতৰি নুশুনিবলৈ আহ্বান জনাইছে আৰক্ষী অধীক্ষকে । যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু প্ৰশাসন । জিলাখনত শান্তি-শৃংখলা বজাই ৰখাৰ বাবে তেওঁ সকলোৰে সহযোগিতা কামনা কৰে ।
