বৰাক উপত্যকাত বঙালী সম্প্ৰদায়ৰ লগতে বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰে । ইয়াৰ ভিতৰত মেইটেই মণিপুৰীসকল অন্যতম । কাছাৰ জিলাৰ বিভিন্ন অঞ্চলত ব্ৰিটিছ শাসনৰ আগৰে পৰাই মেইটেইসকলে বসবাস কৰি আহিছে ।প্ৰাচীন কালৰে পৰা বসবাস কৰা মেইটেই সকলে নিজৰ সংস্কৃতি আৰু পৰম্পৰা আজিও জীয়াই ৰাখিছে । মণিপুৰী সংস্কৃতি অতি চহকী ৷
মণিপুৰী সংস্কৃতিৰ আটাইতকৈ উজ্জ্বল দিশটো হ’ল মণিপুৰী নৃত্য যি বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে । মেইটেই মণিপুৰী খাদ্যৰ বহু পৰম্পৰাও আছে । তেওঁলোকে বেছিভাগেই তেলবিহীন খাদ্য প্ৰস্তুত কৰে যিয়ে শৰীৰক নিৰোগী কৰি ৰখাত সহায় কৰে ।তেনে এবিধ খাদ্য হ’ল কাংছ’ই ।
মেইটেই সম্প্ৰদায়ৰ এটা জনপ্ৰিয় খাদ্য । মণিপুৰৰ এই প্ৰামাণিক, পৰম্পৰাগত খাদ্য হৈছে অতি সহজ আৰু সম্পূৰ্ণ তেলমুক্ত, পানী ভিত্তিক ষ্টু বা তৰকাৰী, কেৱল মাছ আৰু শুকান মাছৰ সৈতে উতলি থকা পানীত উপাদানসমূহ ৰান্ধি তৈয়াৰ কৰা হয় ।
গৰমৰ বতৰত সদায় পাতল কিবা এটা খোৱাটো ভাল, তেলমুক্ত হ’লে আৰু ভাল । গৰমক পৰাস্ত কৰিবলৈ এটা সহজ, দ্ৰুত, সহজে ৰন্ধা, স্বাস্থ্যকৰ আৰু সোৱাদযুক্ত মণিপুৰী ৰেচিপি হৈছে কাংছ’ই । তেল আৰু মছলা অবিহনে ন্যূনতম সামগ্ৰীৰে ইয়াক প্ৰস্তুত কৰা হয় যদিও ইয়াৰ সোৱাদ অতি সুস্বাদু ।
প্ৰতিটো মণিপুৰী পৰিয়ালৰ ৰন্ধনশৈলী আৰু ব্যৱহৃত সামগ্ৰীৰ ওপৰত ভিত্তি কৰি কংছইৰ নিজস্ব সংস্কৰণ আছে । নিৰামিষ সংস্কৰণত বতৰত যিমান সতেজ শাক পোৱা যায়, সেইবোৰ ব্যৱহাৰ কৰা হয় ।**
কাংছ’ই প্ৰস্তুত কৰিবলৈ কি কি লাগিব :**
১) লাইপাত
২) ৰৌ মাছ
৩) শিদল
৪) কেঁচা জলকীয়া
৫) নিমখ
**
পদ্ধতি :**
১) প্ৰথমতে প্ৰেচাৰ কুকাৰত পানী দিব লাগিব ।
২) পানী অলপ গৰম হোৱাৰ পিছত তাত লাই শাক দিব লাগিব ।
৩) তাৰ পিছত আদা দি সিজি থকা ৰৌ মাছ আৰু শিদল একেলগে দিব লাগিব ।
৪) স্বাদ অনুসৰি নিমখ ।
৫) পিছত প্ৰেচাৰ কুকাৰৰ ঢাকনি লগাই দুই তিনিটা চিটি মৰাৰ পিছত সিজি যোৱা লাই শাকৰ ষ্টু উলিয়াব লাগিব ।
৬) পিছত আন এখন কুকাৰ বা কেৰাহিত ঢালি আৰু অলপমান সিজাৰ পিছত ৰেডি হৈ পৰিব স্বাস্থ্যকৰ খাদ্য কাংছ’ই ।
