মোবাইল কেতিয়াও জ্ঞানৰ ভাণ্ডাৰ হ'ব নোৱাৰে, কিতাপহে জ্ঞানৰ ভাণ্ডাৰ: বিশিষ্ট লেখিকা ডঃ ৰাণী মুদিয়াৰ ডেকা


 

 “সময়ৰ কোনো ৰূপ বা আকাৰ নাথাকে । সময় কাৰো হাতত বন্দী নহয়। কিন্তু সময়ক মনেৰে, স্মৃতিৰে বান্ধি ৰাখিব পাৰি । সমাজে সদায় ভৱিষ্যতৰ বাবে এটা ভাল সময় দিয়াৰ চিন্তা কৰিব লাগে ।” অসম সাহিত্য সভাৰ স্বীকৃত শতদল শাখা টিহু সাহিত্য সভাৰ উদ্যোগত নলবাৰী জিলাৰ টিহু নগৰত থকা ৰাজহুৱা পুথিভঁৰালত আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত টিহু মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ডঃ দীপালি দাস ডেকাৰ ‘সময়’ শীৰ্ষক কবিতা পুথি এখন উন্মোচন কৰি এইদৰে কয় দিছপুৰ মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষা তথা বিশিষ্ট লেখিকা ডঃ ৰাণী মুদিয়াৰ ডেকাই ।

ভাষণ প্ৰসংগত ডঃ ৰাণী মুদিয়াৰ ডেকাই পুনৰ কয় যে উন্নয়ন কেবল আজিৰ সময়ৰ বাবে নহয় , ই ভৱিষ্যতৰ বাবেও হ’ব লাগে । তদুপৰি তেখেতে কয় যে মোবাইল কেতিয়াও জ্ঞানৰ ভাণ্ডাৰ হ’ব নোৱাৰে, কিতাপহে জ্ঞানৰ ভাণ্ডাৰ । এই উপলক্ষে টিহু সাহিত্য সভাৰ সভাপতি ভবেশ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত টিহু সাহিত্য সভাৰ সম্পাদক ডঃ হেমেন ৰাজবংশীয়ে সভাৰ উদ্দেশ্য বাখ্যা কৰে ।সভাখন আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সোমনাথ ডেকাই । টিহু সাহিত্য সভাৰ উপ-সভাপতি ডঃ সুৰজিত বৰ্মনে আদৰণি ভাষণ দিয়া আৰু সম্পাদক ডঃ হেমেন ৰাজবংশীয়ে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে শলাগ জ্ঞাপন কৰা সভাখনত আমন্ত্ৰিত অতিথি চন্দনা মেধিয়ে এটি গীত পৰিৱেশন আৰু টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰে এটি কবিতা পাঠ কৰাৰ উপৰি টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতিত্ৰয় ভৱকান্ত কলিতা, মহেশ চন্দ্ৰ শৰ্মা আৰু শংকৰ কুমাৰ দাস , নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা , টিহু শাখা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা অলকা বুজৰবৰুৱা , অৱসৰী অধ্যাপিকা ডঃ সাবিত্ৰী বেজবৰুৱা ,আৰক্ষী বিষয়া গৰ্গেশ্বৰ দাস, শিক্ষক ধীৰাজ গোস্বামী ,ছাত্ৰী লিকুমণি দেৱী আদিয়ে বক্তব্য আগবঢ়ায় ।

Post a Comment

Previous Post Next Post