অসমৰ বান পৰিস্থিতি সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ !


 

অসমৰ বান পৰিস্থিতিক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সাক্ষাৎ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ চৰকাৰী বাসভৱনত ৷

প্ৰধানমন্ত্ৰীক সাক্ষাৎৰ সময়ত অসমৰ শেহতীয়া বান পৰিস্থিতি তথা বানপীড়িত লোকৰ দুখ, দুৰ্দশাৰ বিষয়টো অৱগত কৰে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ এনে সাক্ষাৎৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত সকলক সহায় আৰু পুনৰ্সংস্থাপনৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰী গৰাকীক ৷ যদিওৱা এই সাক্ষাৎ পৰ্বত প্ৰধানমন্ত্ৰীয়ে কোনো ধৰণৰ পেকেজৰ কথা উল্লেখ নকৰিলে ৷ ইপিনে ৰাজ্য চৰকাৰে এই সময়ত গ্ৰহণ কৰা কেইবাটাও ব্যৱস্থাৰ বিষয়েও অৱগত কৰে প্ৰধানমন্ত্ৰী গৰাকীক ৷ প্ৰধানমন্ত্ৰীয়ে বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰা বুলিও এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ৷ য’ত ৰাজ্য চৰকাৰত বানপিড়ীত সকলক সকলো ধৰণৰ সাম্ভাব্য সহায় আৰু আগবঢ়োৱাৰ কথা আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শেহতীয়া কেইবাটাও উন্নয়নমূলক পদক্ষেপসমূহৰ বিষয়েও অৱগত কৰে এই সাক্ষাৎ পৰ্বত ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে উল্লেখ কৰে যে , আজি মই দিল্লীত সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ লোৱাৰ সৌভাগ্য লাভ কৰিলো ৷ লগতে কয় মাননীয় প্ৰধানমন্ত্ৰীৰ বাবে অসমৰ কল্যাণ সৰ্বোচ্চ অগ্ৰাধিকাৰ লাভ কৰি আহিছে । মই তেওঁক আমাৰ উন্নয়নমূলক যাত্ৰাৰ বিষয়ে অৱগত কৰিছিলো আৰু আগবাঢ়ি যোৱাৰ পথত তেওঁৰ দয়ালু নিৰ্দেশনা লাভ কৰিছো।"

Post a Comment

Previous Post Next Post