শস্য চপোৱাৰ বতৰত কেনেকৈ কৰা হয় 'হাচা কেকান' নৃত্য


 

এহা চা হা, এহা হা হা…. ৷ এয়া হৈছে কাৰ্বি সমাজৰ পৰম্পৰাগত হাচা নৃত্যৰ লগে লগে গোৱা গীতৰ কলি । হাচা কেকান বা হাচা নৃত্য হৈছে শস্য চপোৱাৰ উৎসৱৰ গীত আৰু নৃত্য ৷ প্ৰতি বছৰে জানুৱাৰীৰ ১৪ তাৰিখৰ পৰা মাহৰ শেষলৈকে সমগ্ৰ কাৰ্বি আংলঙত পালন কৰা হয় এই উৎসৱ । জানুৱাৰী মাহত ধান চপোৱাৰ পিছত এই নৃত্য পৰিবেশন কৰা হয় । বাৰ্ষিক ধৰ্মীয় অনুষ্ঠানতো হাচা নৃত্য কৰা হয় ৷ এই নৃত্য মূলতঃ পুৰুষৰ ৷


সৰল শৰীৰৰ গতিৰে এই নৃত্য পৰিবেশন কৰা হয় ৷ নৃত্যৰ সমানে সমানে গাই থকা গীতৰ প্ৰতিটো স্তৱকৰ শেষত একেলগে ‘হা-চা-হা, এহা-হা-হা’ বুলি গোৱা হয় । গীতৰ মাজেৰে ধানৰ বিভিন্ন পৰ্যায়ৰ বৰ্ণনা কৰা হয় । হাচাৰ ‘সোক কেৰয় বা লোকী কৰচো, হান’উপ আহি কিতি আৰু বি কেহোন আহাচা’ৰ দৰে সন্মানীয় ৰূপ আছে । হাচা হৈছে সকলো পুৰুষ নৃত্যৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা এটা শব্দ ৷

হাচা-কেকানৰ উৎসৱত এজন ব্যক্তিক নেতা হিচাপে নিৰ্বাচিত কৰা হয় যিয়ে নৃত্য-গায়নত নেতৃত্ব প্ৰদান কৰে । তেওঁক ‘লুঞ্চে পো’ বুলি কোৱা হয়। হাচা-কেকান হুবহু লোককথাৰ ওপৰত আধাৰিত নহয় । হাচা-কেকান উৎসৱ শস্য চপোৱাৰ পিছৰ আনন্দৰ সৈতে জড়িত । ইয়াত কোনো ভয়ৰ উপাদান নাই আৰু কোনো ঈশ্বৰক প্ৰশংসা কৰাৰো কথা নাই ।

Post a Comment

Previous Post Next Post