ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক গাংগুলীক Z শ্ৰেণীৰ নিৰাপত্তা প্ৰদান পশ্চিমবংগ চৰকাৰৰ


 

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। BCCIৰ প্ৰাক্তন সভাপতি গাংগুলীৰ নিৰাপত্তা Z পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰা হৈছে। উল্লেখ্য যে, ইতিমধ্যে তেওঁ Y শ্ৰেণীৰ নিৰাপত্তাৰ অধীনত আছিল। Y শ্ৰেণীৰ নিৰাপত্তা ব্যৱস্থাৰ সম্প্ৰসাৰণেৰে তেখেতক Z পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰা হৈছে।


পশ্চিম বংগ চৰকাৰে প্ৰাক্তন ক্ৰিকেটাৰজনৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে তেওঁৰ নিৰাপত্তাৰ প্ৰতি কোনো ভাবুকি আছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

মন কৰিবলগীয়া সৌৰভ গাংগুলী বৰ্তমান IPLৰ ফ্ৰেঞ্চাইজী দিল্লী কেপিটেলচৰ সৈতে জড়িত হৈআছে। তেওঁ দলটো ক্ৰিকেট সঞ্চালকৰ ভূমিকা পালন কৰি আছে।

এক সূত্ৰই জনোৱা অনুসৰি, সৌৰভ গাংগুলীৰ তৰফৰ পৰা এনে কোনো অনুৰোধ আগবঢ়োৱা হোৱা নাছিল। সূত্ৰটোৱে কয় যে, ‘‘তেওঁলোকে ভাবে যে সৌৰভ গাংগুলীয়ে Z শ্ৰেণীৰ নিৰাপত্তা লাভ কৰা উচিত।’’

এইখিনিতে উল্লেখনীয় যে, আন সকলো চেলিব্ৰিটি আৰু ক্ৰীড়া ব্যক্তিত্বই সমগ্ৰ দেশতে এনে সুৰক্ষা লাভ কৰে।

Post a Comment

Previous Post Next Post