ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান (Dr Sarita Toshniwal murder case verdict)। ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে দিলে ৰায়। ৮ বছৰ পিছত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায় দিলে আদালতে। ৱাৰ্ড বয় কিৰো মেছক দোষী সাব্যস্ত কৰে আদালতে। অভিযুক্ত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা।
২০১৪ চনৰ ৯ মে’ত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড (Dr Sarita Toshniwal murder case)। AMCHৰ ICU কক্ষত হত্যা কৰা হৈছিল ডাঃ সৰিতা তছনিৱালক। হত্যা কৰি বিচনাত শুৱাই থোৱা হৈছিল সৰিতাক। সৰিতাৰ ডিঙিত সোমাই আছিল অস্ত্ৰোপচাৰ কৰা ছুৰী। হত্যাকাৰী কিৰো মেছৰ ডিঙিতো আছিল আঘাতৰ চিন। আঘাতৰ চিন দেখি কিৰোক আটক কৰিছিল আৰক্ষীয়ে। কিৰো মেছৰ বঙালগাঁৱৰ শহুৰেকৰ ঘৰৰ পৰা জব্দ কৰিছিল সৰিতাৰ মোবাইল ফোন। আনহাতে, AMCHৰ পিছফালৰ এখন চাহ বাগানৰ পৰা জব্দ কৰিছিল মোবাইলৰ ছিম।
কিৰো মেছৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল ডাঃ দীপমণি শইকীয়াক। সৰিতাক হত্যা কৰাৰ কথা আদালতত স্বীকাৰ কৰিছিল দুয়ো অভিযুক্তই। পৰৱৰ্তী সময়ত জামিনত মুক্তি লাভ কৰিছিল দুয়ো হত্যাকাৰীয়ে। সমগ্ৰ ঘটনাৰ সাক্ষী আছিল ৬৫জন।
