মানস ৰাষ্ট্ৰীয় উদ্যানে ৭টা বছৰৰ ভিতৰত সৰ্বোচ্চ ৰাজহ সংগ্ৰহ কৰে। মানস ৰাষ্ট্ৰীয় উদ্যান ৩৪খন বিদেশী ৰাষ্ট্ৰৰ ৭৯৯ গৰাকী পৰ্যটকে ভ্ৰমণ কৰে। লগতে দেশৰ ৩৩খন ৰাজ্যৰ ৫৩,১৫৮ গৰাকী দেশীয় পৰ্যটকে ভ্ৰমণ কৰিছে মানস।
চলিত বৰ্ষৰ ৩১ মাৰ্চলৈকে ৰাজহ লাভ কৰিছে ১,৩৫,৮৪,৪৫০ টকা। সম্প্ৰতিও ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটকৰ আগমন ঘটি আছে। সম্প্ৰতি মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ হৈ পৰিছে চালে চকুৰোৱা। ইটো সিটো বহুতো বনৰীয়া জীৱ–জন্তু দেখি এপলক দৃষ্টিৰে চাই ৰৈছে পৰ্যটকে।
মানসত পৰ্যটকৰ সংখ্যা আৰু ৰাজহ বৃদ্ধিৰ ক্ষেত্ৰত ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে ‘মানস একোমডেশ্যন এণ্ড টুৰিজ্যিম ছ’চাইটি’ আৰু জীপ ছাফাৰিৰ অৱদানৰ কথাও উল্লেখ কৰে৷ চলিত পৰ্যটন বৰ্ষতো মানসত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে মানস ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড॰ বৈভৱ চি মাথুৰে।
