আজি সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গ'ল নলবাৰী চহৰ। নলবাৰীৰ ইছলাম চুপাত সংঘটিত হ'ল লোমহৰ্ষক হত্যাকাণ্ড। বিজেপি নেতাই হত্যা কৰিলে নিজ পত্নী তথা বিজেপি নেত্ৰীক।
পাৰিবাৰিক সংঘাতৰ ফলতেই এই ঘটনা সংঘটিত হয়। বিজেপি নেতা মঞ্জুৰুল আলমে মৰিয়াই হত্যা কৰে পত্নী চামচিয়াৰা বেগমক।
উল্লেখ্য, অভিযুক্ত মঞ্জুৰুল আলম আছিল নলবাৰী পৌৰ সভাৰ প্ৰাক্তন উপ পৌৰপতি৷ হত্যাকাণ্ড সংঘটিত কৰি নলবাৰী সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে আলমে
প্ৰত্যক্ষদৰ্শীৰ পৰা জানিবলৈ পোৱা মতে, জিলা বিজেপিৰ নগৰ মহিলা মৰ্চাৰ সভানেত্ৰী চামচিয়াৰা বেগমৰ মাজত প্ৰায়ে সংঘটিত হৈছিল পাৰিবাৰিক কন্দল৷ আজি পুৱাও স্বামী আৰু স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়৷ আৰু পিছত স্বামীৰ হাতত মৃত্যুবৰণ কৰিবলগীয়া হয় বিজেপি নেত্ৰী চামিচয়াৰা বেগম।
