ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী জালিমুখত কি কৰিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই?

 


জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ কৰি জালিমুখত বিভাগৰ অধীনত নিৰ্মাণ হৈ থকা বান্ধৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰে। বিগত বৰ্ষত এই অঞ্চলত বান্ধ নথকা বাবে ভূটানৰ পৰা নামি অহা পানীৰ ধলে কুলচী নদী হৈ শাকতোলা নদীলৈ বৈ গৈছিল। ফলত শাকতোলা নদীত পানীৰ পৰিমাণ বৃদ্ধি হৈ মথাউৰি ভাঙি দৰং জিলাৰ বৃহৎ অঞ্চলত বানপানীৰ সৃষ্টি হৈছিল।


জালিমুখত জলসম্পদ বিভাগৰ অধীনত প্ৰায় ১৬.৯৫ কোটি টকাৰ ব্যয়েৰে শিলেৰে বান্ধ নিৰ্মাণৰ কাম চলি আছে । প্ৰায় ১৭৮০ মিটাৰ দৈৰ্ঘ্যৰ, ৩৫ মিটাৰ বহল আৰু ২.৫ মিটাৰ ওখ বান্ধটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে  লগে ওদালগুৰি আৰু দৰং জিলাৰ বৃহৎ অঞ্চলত বানপানীৰ প্ৰকোপ হ্ৰাস হ'ব বুলি আজিৰ পৰিদৰ্শন কালত মন্ত্ৰী হাজৰিকাই আশা প্ৰকাশ কৰে ।

পৰিদৰ্শন কালত জলসম্পদ মন্ত্ৰীয়ে স্থানীয় লোকসকলৰ সৈতেও বাৰ্তালাপ কৰি বান্ধটোৰ বিষয়ে তেওঁলোকৰ মনোভাৱ বুজ লয়। দীৰ্ঘদিনৰ পিছত অঞ্চলটোত বান্ধটো নিৰ্মাণ কৰাত সন্তুষ্ট হৈ স্থানীয় লোকসকলে মন্ত্ৰী পীয়ূষ হাজৰিকাক কৃতজ্ঞতা জ্ঞাপন কৰে। পিছত সাংবাদিকৰে হোৱা সাক্ষাতত মন্ত্ৰী হাজৰিকাই কয় যে বি টি আৰৰ প্ৰতি মুখ্যমন্ত্ৰীৰ মৰমৰ বাবেই বিগত দুটা বছৰত বি টি আৰৰ চাৰিখন জিলাত জলসম্পদ বিভাগৰ প্ৰায় ৩৫০ কোটি টকাৰ আঁচনি গ্ৰহণ কৰা হৈছে।মন্ত্ৰী হাজৰিকাই আজিৰ পৰিদৰ্শনৰ সময়ত সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় গোবিন্দ বসুমতাৰী আৰু দিগন্ত কলিতা, বি টি আৰৰ কেইবাজনো কাৰ্যবাহী সদস্য, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু বিভাগীয় আন বিষয়াসকল উপস্থিত আছিল।

Post a Comment

Previous Post Next Post