পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত হৈছে কৰিমগঞ্জৰ ৮ জন আৰক্ষী জোৱান আৰু এজন গাড়ীচালক । শিলচৰ ৰামনগৰ আই এছ বি টিৰ গাতে লাগি থকা বাইপাছত সোমবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা ।
আহত আৰক্ষী জোৱান কেইজন হৈছে কৰিমগঞ্জ সদৰ থানাৰ হেড কনিষ্টবল অজিত নাথ লস্কৰ, কনিষ্টবল সুৰমান আলী, কালিম উদ্দিন, নজৰুল হোছেইন লস্কৰ, আব্দুল কাদিৰ, বাবুল হোছেইন লস্কৰ, হাবিব উদ্দিন আৰু সুচেন শুক্লবৈদ্য । জানিব পৰা মতে, আৰক্ষীৰ দলটোৱে দুজন অভিযুক্তক জিম্মাত লৈ শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা এখন ভাড়া চুমো গাড়ীৰে কৰিমগঞ্জলৈ গৈ আছিল । দুই অভিযুক্তক শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল ।
চিকিৎসাৰ পিছত তাৰ পৰা উভতি অহাৰ সময়ত বাটত নিয়ন্ত্ৰণ হেৰুৱাই বাইপাছত থিয় হৈ থকা এখন ট্ৰাকৰ পিছফালে খুন্দা মৰাত চালকসহ গাড়ীখনত থকা ৮জন আৰক্ষী গুৰুতৰভাৱে আহত হয় । গাড়ীখনত অভিযুক্ত দুজনকে ধৰি মুঠ ১১জন লোক আছিল । অভিযোগ অনুসৰি ৰাহুল নামৰ চালকজনে মদ্যপান কৰি আছিল ।
ইফালে ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ শিলচৰ চিকিৎসা মহাবিদ্যালত প্ৰেৰণ কৰে । সম্প্ৰতি তেওঁলোক চিকিৎসাধীন হৈ আছে। দুজন আৰক্ষীৰ অবস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
