মহানগৰীত প্ৰৱঞ্চনাৰ বলি এজন বিশেষভাৱে সক্ষম ব্যক্তি


 

বিকলাংগৰ প্ৰমাণপত্ৰ উলিয়াবলৈ গৈ বিপদত লক্ষ্মণ ৰায় নামৰ বিশেষভাৱে সক্ষম এগৰাকী ব্যক্তি। বিগত ৮ বছৰ ধৰি অনিল নগৰত থকা আদেশ মিশ্ৰা নামৰ ব্যৱসায়ীজনৰ দোকানত কাম কৰি আহিছিল লক্ষ্মণ ৰায় নামৰ বিশেষভাৱে সক্ষম ব্যক্তিগৰাকীয়ে৷


আদেশ মিশ্ৰা নামৰ ব্যৱসায়ীগৰাকীয়ে লক্ষ্মণ ৰায়ক   বিকলাংগৰ প্ৰমাণপত্ৰ উলিয়াৰ দিয়াৰ নামত  বিচাৰিছিল চহী ৷ গৰাকীৰ কথা মতেই বিকলাংগৰ প্ৰমাণপ্ৰত্ৰৰ নামত চহী দিছিল লক্ষ্মণ ৰায়ে ৷

কিন্তু হঠাতে কিছু দিন পূৰ্বে নাগৰিক সমবায় নামৰ বেংক প্ৰতিষ্ঠানৰ পৰা লক্ষ্মন ৰয়ক বেংকৰ ঋণ পৰিশোধ কৰিবলৈ অনুৰোধ জনাই আহিল ফোন কল ৷ বেংকটোৰ পৰা ৫ লাখ টকা দোকানৰ নামত ঋণ লোৱা বুলি অৱগত কৰিলে লক্ষ্মণ ৰায়ক ৷ আদেশ মিশ্ৰাই যে বিকলাংগৰ প্ৰমাণপ্ৰত্ৰৰ নামত চহী লৈ বেংকটোৰ বিষয়াৰে মিলি এই প্ৰৱঞ্চনা কৰিলে, সেয়া বুজিবলৈ বাকি নাথাকিল লক্ষ্মণ ৰয়ৰ ৷

মহানগৰীত প্ৰৱঞ্চনাৰ বলি এজন বিশেষভাৱে সক্ষম ব্যক্তি

Post a Comment

Previous Post Next Post